আপোনাৰ ল’ৰা-ছোৱালী স্কুললৈ পঠাবৰ বাবে সাজু হৈছে নিশ্চয়৷ কিয়নো ছেপ্টেম্বৰৰ ১ তাৰিখৰ পৰা স্কুল খোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ কিন্তু ৰ’ব, এই মুহূৰ্তৰ এক ভয়ানক আৰু উদ্বেগজনক খবৰ জানি লওক৷ ছেপ্টেম্বৰৰ পৰা দেশ তথা ৰাজ্যত বিদ্যালয়সমূহ খোলাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে যদিও আমেৰিকাৰ পৰা আহিছে এই ভয়ানক খবৰ৷
ইতিমধ্যে আমেৰিকাত স্কুলসমূহ খোলা হৈছে যদিও তাত পুনৰ ভয়ানকভাৱে ক’ৰোনাৰ সংক্ৰমণ ঘটিছে৷ বিগত দুটা সপ্তাহতে ৯৭ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দেহলৈ ক’ৰোনা সংক্ৰমণ ঘটিছে৷ ইয়াকে লৈ আমেৰিকাত মুঠ ৩ লাখ ৪০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ৰোনা সংক্ৰমণ হৈছে৷
এই তথ্য প্ৰকাশ কৰিছে৷ বাল হোগ একাডেমি আৰু চিএইচএ-ই৷ সমগ্ৰ বিশ্বতে বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতি চলোৱাৰ সময়ত এই খবৰে নিশ্চিতভাৱে উদ্বেগ বঢ়াব চৰকাৰ তথা অভিভাৱকসকলৰ৷ কিয়নো ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল সংক্ৰমিত হোৱাৰ লগতে সমাজলৈও সংক্ৰমণ ঘটোৱাৰ আশংকা অতি বেছি৷













