নিউজ ডেক্স:
অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী! বিজেপিয়ে ৰঞ্জন গগৈক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বুলি চলি থকা চৰ্চাক একেমুখে নস্যাত্ কৰিলে অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশগৰাকীয়ে।
ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাত্কাৰত গগৈয়ে কয় যে, ‘মই কোনো ৰাজনীতিক নহয় বা হোৱাৰ কোনো ইচ্ছা বা লক্ষ্যও নাই। মোক এইবোৰ কথাত সাঙুৰিব নালাগে। মই অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয়।’
উল্লেখযোগ্য যে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেল যোগে ৰঞ্জন গগৈক বিজেপিয়ে আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰিছিল।
তৰুণ গগৈৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশ জুৰি বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। কিন্তু অৱশেষত নিজৰ স্থিতি স্পষ্ট কৰিলে দেশৰ অৱসৰ প্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।













