দলৰ সভাপতি পদলৈ ঘূৰি আহিবলৈ অনীহা ৰাহুল গান্ধীৰ। গান্ধী পৰিয়ালৰ বাহিৰলৈ গৈয়ে দলৰ নেতৃত্বৰ কথা ভাবিব লাগিব বুলি জনাইছিল প্রিয়ঙ্কা গান্ধীয়েও। এনে পৰস্থিতিত মনমোহন সিং আৰু একে এন্টনিৰ দৰে অভিজ্ঞ নেতাৰ হাতত দলৰ গুৰুদায়িত্ব তুলি দিব পৰা যায় নেকি, সোমবাৰে তাকে লৈ আলোচনাত বহিবলৈ আগবাঢ়িছে কংগ্ৰেছ।
সুনেতৃত্বৰ অভাৱ আৰু দলৰ সাংগঠনিক সমস্যাসমূহ দাঙি ধৰি ইতিমধ্যেই ছোনিয়া গান্ধীলৈ পত্ৰ দিছে ২৩জন শীর্ষস্থানীয় প্রবীণ আৰু নবীন কংগ্রেছ নেতাই। এই পত্ৰ মতেই বৈঠকৰ আলোচনাৰ মূল বিষয়বস্তু হ’বলৈ আগবাঢ়িছে বুলি জনা গৈছে।
উল্লেখ্য যে বিগত লোকসভা নির্বাচনত পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি কংগ্রেছৰ সভাপতি পদৰ পৰা ইস্তাফা দিয়ে ৰাহুল গান্ধীয়ে। তাৰ পিছত দলৰ অন্তর্বৰ্তীকালীন সভাপতিৰ দায়িত্ব গ্রহণ কৰে ছোনিয়া গান্ধীয়ে। নতুন সভাপতি নির্বাচিত নোহোৱা পর্যন্ত দায়িত্ব চম্ভালিব বুলি কথা আছিল কিন্তু অন্তর্বর্তীকালীন সভাপতি হিচাবে ছোনিয়াৰ ম্যাদ শেষ হ’লেও এই পর্যন্ত সভাপতি নির্বাচন কৰিব পৰা নাই কংগ্রেছে। তাকে লৈ বিগত কেইবা মাহ ধৰি দলৰ মাজত অসন্তোষ সৃষ্টি হৈছিল। এই সম্পৰ্কত প্রকাশ্যে মন্তব্যও কৰিছিল একাধিক নেতাই।
তাৰ মাজতেই কপিল ছিব্বাল, শশী থাৰুৰ, গোলাম নবী আজাদ, পৃথ্বীৰাজ চৌহান, বিবেক তনখা, আনন্দ শর্মা, মণীষ তিৱাৰী, ৰাজ বাব্বৰ, অৰবিন্দ্র সিং লাভলি, সন্দীপ দীক্ষিতসহ দলৰ শীর্ষস্থানীয় ২৩জন কংগ্রেছ নেতাই সম্প্রতি ছোনিয়া গান্ধীক উদ্দ্যশ্যি পত্ৰ লিখে।
তাত কোৱা হৈছে, সকলোৱে কান্ধত কান্ধ মিলাই কাম কৰিব, বিপদে-আপদে সকলোৰে কাষত থাকিব ২৪ ঘণ্টা আৰু দলৰ মুখ হিচাবে যাকে দাঙি ধৰা যায়, এনে কোনো পূর্ণম্যাদী ব্যক্তিক সভাপতিৰ বাবে নির্বাচিত কৰা হওক।













