বিহাৰৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা ভংগ নকৰে বিজেপিয়ে। দেওবাৰে দলৰ সভাপতি জেপি নাড্ডাই কয়, ‘‘জনতা দল ইউনাইটেড (জেডিইউ) আৰু লোক জনশক্তি পার্টিৰ সৈতে জোঁট বান্ধিয়েই আমি বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু জয়া হ’ম। জোটঁৰ নেতৃত্ব দিব মুখ্যমন্ত্রী নীতিশ কুমাৰে।’’ নাড্ডাই জনায়, বিধানসভা নিৰ্বাচনত বিজেপিৰ শ্লোগান হ’ব, ‘বিজেপি হ্যেয় তৈয়াৰ, আত্মনির্ভৰ বিহাৰ’।
উল্লেখ্য যে নৱেম্বৰত বিহাৰ বিধানসভাৰ নির্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ পূৰ্বে আজি দলৰ ৰাজ্য কর্মসমিতিৰ ভার্চুৱেল অধিবেশনত বক্তৃতা প্ৰদান কৰে বিজেপি সভাপতিগৰাকীয়ে। ইফালে আসন ভাগ-বতৰাক লৈ নীতিশ কুমাৰৰ জেডিইউৰ সৈতে ৰামবিলাস পাছোৱানৰ এলজেপিৰ মতবিৰোধ ইতিমধ্যেই প্রকাশ্যে আহিছে।
ৰামবিলাসৰ পুত্ৰ তথা এলজেপিৰ সাংসদ চিৰাগে প্রকাশ্যে কৰোনা মোকাবিলা, বানাক্ৰান্তৰ সাহায্যসহ নানা বিষয়ত নীতিশ সৰকাৰৰ সমালোচনাত সৰৱ হৈছে। এনে পৰিস্থিতিত আজি নাড্ডাই বুজাই দিছে আৰজেডি-কংগ্রেছ-বাম দলৰ মহাজোঁটৰ লগত মোকাবিলাৰ বাবে বিজেপিয়ে অই ঐক্য বজায় ৰাখিব।













