লগালগিকৈ হাতে হাত ধৰি মঞ্চৰ দিশে আগুৱাই গৈছে দুয়োজনে। বক্তৃতাত ভূয়সী প্রশংসাত উপচাই পেলাইছে পৰস্পৰে পৰস্পৰক। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ মিত্ৰতাৰ এই ‘নিদৰ্শন’ এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰত৷
ৰাষ্ট্ৰপতি পদত পুনর্নির্বাচন বিচাৰিয়ে ট্রাম্পৰ ‘আৰু চাৰি বছৰ’ (ফ’ৰ ইয়াৰ্ছ ম’ৰ) প্রচাৰৰ সূচনা হৈছে শনিবাৰে। তাতেই ‘ভিডিও কেম্পেনিং’-ত দাঙি ধৰা হৈছে ট্রাম্প-মোদী যৌথ জনসভাৰ কিছু ক্লিপিংছ।
ভাৰতীয় বংশোদ্ভৱ আৰু প্রবাসী ভাৰতীয় ভোটদাতাসকলক প্রভাৱিত কৰাৰ উদ্দেশ্যে ট্রাম্পৰ এই প্রচাৰ কাৰ্যসূচীত দুই ৰাষ্ট্রনেতাৰ সাম্প্রতিক সময়ৰ দুখন সভাৰ ফুটেজে স্থান পাইছে। আছে দুয়োজনৰ বক্তৃতাও।
প্রচাৰৰ দায়িত্বপ্রাপ্ত ট্রাম্প ভিকট্রি ফিনেন্স কমিটিৰ চেয়াৰমেন কিম্বাৰলি গিলফয়েলে দেওবাৰে কয়, ‘‘ভাৰতৰ সৈতে আমাৰ খুব ভাল সম্পর্ক। ভাৰতীয়-মার্কিনসকৰ মাজত ইতিমধ্যেই ছচিয়েল মিডিয়াত তুমুল জনপ্রিয়তা লাভ কৰিছে ভিডিওটোৱে।’’
তাৰে প্রথমটো, যোৱা ছেপ্টেম্বৰত টেক্সাছৰ হিউষ্টনত ‘হাউডি মোদী’ সভা। তাত প্রায় ৫০ হাজাৰ ভাৰতীয় বংশোদ্ভৱক আৰু প্রবাসী ভাৰতীয়ৰ সন্মুখত কূটনীতিৰ সুবিধা গ্ৰহণ কৰি ‘অব কি বাৰ ট্রাম্প চৰকাৰ’ শ্লোগান দিছিল মোদীয়ে। কৈছিল, ‘‘ট্রাম্পৰ নেতৃত্ব গুণ, আমেৰিকাক লৈ তেওঁৰ আবেগ, দেশৰ নাগৰিকসকলৰ বাবে তেওঁৰ উদ্বেগ আৰু আমেৰিকাক পুনৰ মহান কৰি তোলাৰ বাবে তেওঁৰ মনৰ তাগিদাই আমাক অনুপ্রাণিত কৰে।’’













