এই মুহূর্তৰ যি পৰিস্থিতি, তাৰ পৰা বাচিবলৈ হ’লে যুঁজিব লাগিব নিজৰ শৰীৰেৰেই। তাৰ বাবে উৎকৃষ্ট হ’ব পাৰে হালধি-গাখীৰৰ পানীয়। সোৱাদ আৰু উপকাৰ বঢ়াবলৈ কেতিয়াবা তাত মিহলাব পাৰে এলমণ্ড, কাজু। ছিডনি, ছানফ্রান্সিছকো আৰু ইংলেণ্ডৰ অনুকৰণত এতিয়া ভাৰততো উপলব্ধ হৈছে এই পানীয়। কেতিয়াবা ইয়াত মৌও যোগ কৰিব পৰা যায় আকৌ কেতিয়াবা আদা, জালুক, ডালচেনি বা অন্য কিবা। ইয়াৰ উপকাৰো যথেষ্ট৷
যি উপাদানৰ বাবে হালধিৰ ইমান নাম-প্ৰয়োজন সেয়া হ’ল কাৰকিউমিন৷ ইয়াক সম্পূৰ্ণভাৱে পোৱাৰ ব্যৱস্থা কৰে গাখীৰে। আৰু এটি পথ হ’ল জালুকেৰে বটি খোৱা। জালুকত আছে পিপাৰিন, যিয়ে কাৰমিউমিনৰ শোষণ প্রায় ২০০০ শতাংশ বঢ়াই দিয়ে।
হালধি-গাখীৰৰ উপকাৰ
• প্রদাহ কমোৱাত বহু গুণেই সহায় কৰে হালধিয়ে। বিভিন্ন গৱেষণাৰ পৰা জনা গৈছে, প্রদাহ কমোৱাৰ ঔষধ খালে যিমানখিনি কমে, নিয়মিত কাৰকিউমিন খালেও কমে সেই মাত্রাতেই। ৪৫জন ৰিউমেটয়েড আর্থ্রাইটিছৰ ৰোগীক দিনত ৫০০ মিলিগ্রাম কাৰকিউমিন খুৱাই দেখা যায়, ঔষধ নোখোৱা সত্ত্বেও তেওঁলোকৰ বিষ কমিছে। ২৪৭জন অষ্টিওআর্থ্রাইটিছৰ ৰোগীক কাৰকিউমিন খুৱাই ৬ সপ্তাহ ধৰি ষ্টাডি কৰি দেখা যায়, তেওঁলোকৰ বিষৰ ঔষুধৰ প্রয়োজন কমিছে।
• নিয়মিত গাখীৰ-হালধি খালে কাৰকিউমিনৰ প্রভাৱত বিডিএনএফ নামৰ এক ৰাসায়নিকৰ পৰিমাণ বাঢ়ে কাৰণে কমে আলঝেইমাৰৰ প্রকোপ। মগজুৰ কার্যকৰিতা বাঢ়ে।
• হালধি খালে মন ভালে থাকে। ৬০জন গভীৰ অৱসাদত ভোগা মানুহৰ কোনোবাক দিয়ে কাৰমিউমিন, কোনোবাক এন্টিডিপ্রেছেন্ট, কোনোবাক দুয়োটাই। ৬ মাহ পিছত দেখা যায় প্রথম দুটা গ্রুপৰ সদস্যসকলৰ একে ধৰণৰ ফলাফল দেখুৱাইছে। আৰু তৃতীয় গ্রুপৰ মানুহ কেইজনে সকলোতকৈ ভাল ফল দেখুৱাইছে।
• হালধি, আদা, ডালচেনি সকলোতে আছে কেন্সাৰ প্ৰতিৰোধৰ গুণাৱলী আছে।
• গাখীৰত আছে প্রটিন, কেলচিয়াম আৰু ভিটামিন ডি। নিয়মিত খালে সাধাৰণ স্বাস্থ্য ভালে থাকে। ভালে থাকে হাড় আৰু পেশী। ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাতো ইয়াৰ ডাঙৰ ভূমিকা।
পুৱা খালী পেটত খাওক। ইয়াৰ পিছত আধাঘণ্টা একো নাখাব। ৰাতি শোৱাৰ আগতেও খাব পাৰে, টোপনি ভাল হ’ব।
দিনত ২৫০ মিলিগ্রাম হালধি খালে সকলো দিশ বজায় ৰাখে। অৱশ্যে বিজ্ঞানীসকলৰ মতে, প্রদাহ কমোৱাৰ উপকাৰ পাবলৈ হ’লে দিনত ৫০০-১০০০ মি্লিগ্রাম খোৱা দৰকাৰ। পুৱা-ৰাতি এক চাহ চামুচকৈ খাওক। ৰন্ধনত ব্যৱহাৰ কৰক। বেছি খালে আকৌ ক্ষতি হ’ব পাৰে।
হালধিৰ ক্ষতি
• ৰক্ত পাতল কৰে কাৰণে গর্ভাৱস্থাত বেছিকৈ নোখোৱাই ভাল।
• যিসকলৰ কিডনিত পাথৰ হোৱাৰ প্রবণতা আছে, তেওঁলোকেও নাখাব। কাৰণ হালধিত ২ শতাংশ অক্সালেট আছে, যাৰ প্রভাৱত কোনো কোনোৰ কিডনিত পাথৰ হ’ব পাৰে।
কেনেদৰে বনাব
হালধি-গাখীৰ বনাব বিচাৰিলে ১২০ মিলিগ্রাম গৰুৰ গাখীৰত এক চাহ চামুচ কেঁচা বা শুকান হালধি বটা মিহলাওক। বিশেষ হালধি-গাখীৰত গাখীৰ আৰু হালধিৰ সৈতে অলপ আদা চেপি, আধা চাহ চামুচ ডালচেনিৰ গুড়ি, এক চিকুট জালুকৰ গুড়ি মিহলাই উতলাওক। উতলিবলৈ আৰম্ভ কৰাৰ পিছত জুই কমাই ১০ মিনিট ধৰি উতলাই থাকক। নমাই চেকি লওক। প্ৰায় ৫ দিনৰ বাবে বনাই ফ্রিজত ৰাখিব পাৰে। খোৱাৰ সময়ত অলপ গৰম কৰি ল’লেই হ’ব। মিঠা স্বাদ বিচাৰিলে মৌ মিহলাব পাৰে৷















