নিউজ ডেক্স:
ভূটান সীমান্তত আৰক্ষীয়ে অভিযান চলাই হাতী দাঁতৰ সৈতে এজনক গ্ৰেপ্তাৰ কৰিছে।বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত অলেন বসুমতাৰী (৪৬), নামৰ বন্য জন্তুৰ চোৰাং চিকাৰ তথা সৰবৰাহত জড়িত থকা ব্যক্তি জনক আটক কৰাৰ লগতে তেওঁৰ গাঁৱৰ বাসগৃত লুকুৱাই ৰখা অৱস্থাত দুটা প্ৰকাণ্ড হাতী দাঁত উদ্ধাৰ কৰে।
হাতী দাঁত দুটাৰ প্ৰতিটোৰ আনুমানিক ওজন ৫ কিলোগ্ৰাম হ’ব বুলি চিৰাং আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ঘটনা সংক্ৰান্তত দাদগিৰী আৰক্ষী পহৰা চকীত GDE-321 নম্বৰত এটা গোচৰ ৰুজু কৰিছে। গ্ৰেপ্তাৰ কৰা লোক জনক অধিক তথ্যৰ বাবে চিৰাং আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে।













