আপোনাৰ সন্তানৰ বয়স ১২ বছৰ নেকি? নে তাৰ বেছি? তেতিয়াহ’লে অৱশ্যেই তেওঁও যেন প্রাপ্তবয়স্কসকলৰ দৰেই সংক্রমণৰ পৰা বাচিবলৈ মাস্ক পৰিধান কৰে। সম্প্রতি এনে এক গাইডলাইন জাৰি কৰিল বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ হুই। আনহাতে সন্তানৰ বয়স ১২ বছৰৰ কম হ’লে এইবাৰ সেই নিয়ম বেলেগ।
যোৱা ২১ আগষ্টত হুৰ চৰকাৰী ৱেবছাইটত এই নতুন নির্দেশনাৰ কথা উল্লেখ কৰা হৈছে। হু আৰু ইউনিচেফৰ তৰফৰ পৰা জনোৱা হৈছে, ১২ বছৰ বা তাৰ বেছি বয়সৰ ল’ৰা-ছোৱালীয়ে বাহিৰলৈ ওলালে মাস্ক পিন্ধাটো আৱশ্যক। অন্যসকলৰ পৰা এক মিটাৰ দূৰত থাকিলেও মুখত ৰাখিব লাগিব মাস্ক। একে সময়তে সংক্রমক এলেকাত যাতে তেওঁলোকে মুখৰ পৰা মাস্ক নোখোলে, সেই দিশতো মনোযোগ দিব লাগিব।
আৰু সন্তানৰ বয়স ৬ৰ পৰা ১১ বছৰৰ ভিতৰত হ’লে সকলো ক্ষেত্রতে মাস্কৰ প্রয়োজন নাই। কিন্তু এই ক্ষেত্রত কেইবাটাও বিষয় মনত ৰাখিব লাগিব অভিভাৱকসকলে। অতি সংক্রমণপ্রবণ এলেকা বা ভাইৰাছ বিয়পাৰ সম্ভাৱনা থকা স্থানত ল’ৰা-ছোৱালীৰ মুখত মাস্ক পিন্ধাই দিব লাগিব।
ইয়াৰ উপৰি লক্ষ্য ৰাখিব লাগিব মাস্ক পিন্ধিলে তেওঁলোকৰ কিবা সমস্যা হৈছে নেকি নতুবা মুখত ঠিকমতে মাস্ক আছেনে নাই। মহামাৰীৰ সময়ত এই বয়সৰ শিশুসকলৰ ওপৰত চকু দিয়াটো বিশেষ জৰুৰী বুলি জনাইছে হু আৰু ইউনিচেফে। বিশ্ব স্বাস্থ্য সংস্থাই লগতে জনাইছে, যিসকলৰ শৰীৰত কৰোনাৰ উপসর্গ দেখা গৈছে, তেওঁলোকৰ পৰা এই বয়সৰ ল’ৰা-ছোৱালী দূৰৈত ৰখাই শ্রেয়।
আনহাতে, সন্তানৰ বয়স পাঁচ বছৰ বা তাৰ কম হ’লে সুৰক্ষাৰ বাবে সাধাৰণতে মাস্কৰ প্রয়োজন নহয়। প্রয়োজন বুজি ব্যৱহাৰ কৰিলেও হ’ব। কাৰণ গৱেষণাই কৈছে, এওঁলোকতকৈ বয়সত ডাঙৰ ল’ৰা-ছোৱালীৰ শৰীৰতেই সংক্রমণ বিয়পাৰ প্রবণতা বেছি সৃষ্টি হয়।
উল্লেখ্যে, যোৱা ৫ জুনত হুই জনাইছিল, সংক্রমণৰ পৰা বাচিবলৈ প্রত্যেকেই ঘৰৰ বাহিৰ ওলালে মাস্ক পিন্ধাটো প্রয়োজন। কিন্তু সেই ক্ষেত্রত শিশুসকলৰ বাবে পৃথক কোনো গাইডলাইনৰ কথা কোৱা হোৱা নাছিল। এইবাৰ বয়স অনুযায়ী মাস্কৰ প্রয়োজনীয়তাৰ কথা দাঙি ধৰিলে বিশ্ব স্বাস্থ্য সংস্থাই।













