লাহে লাহে সেউজীকৰণ হৈছে থৰ মৰুভূমি! আৰু সেই কাৰণেই বিনষ্ট হৈছে পৰিবেশৰ ভাৰসাম্য। শুনিবলৈ অবাক যেন লাগিলেও এইটোৱেই কিন্তু সঁচা। আচলতে অবৈজ্ঞানিক উপায়েৰে কৃষিকাৰ্য, অনিয়ন্ত্রিত নির্মাণ শিল্প প্রভৃতিৰ কাৰণেই ভাৰতৰ একমাত্র মৰুভূমিত প্রাকৃতিক উপায়ে জন্ম হোৱা সেউজীয়া অঞ্চলবোৰ ধীৰে ধীৰে ধ্বংস হৈছে। যাৰ প্রভাৱ পৰিছে পৰিবেশতন্ত্ৰতো। সম্প্রতি সন্মুখলৈ আহিছে এনে তথ্য।
এনেয়েও ৰাজস্থানৰ অধিকাংশ অঞ্চলতেই বৃষ্টিপাত কম। আৰু এই ‘নকল সেউজকৰণ’ৰ ফলত আৰু কমি গৈছে বৃষ্টিপাতৰ পৰিমাণ। অৱস্থা ইমানেই বেয়া যে, মৰুভূমি সংলগ্ন এই অঞ্চলবোৰত পূৰ্বতে ঘৰচীয়া পশু চৰোৱা হৈছিল যদিও সেউজীয়া ঘাঁহৰ অভাৱত এতিয়া সেয়াও সম্ভৱ নহয়। ফলত স্থানীয় বাসিন্দাসকলে পশুৰ বাবে অধিক মূল্যত খাদ্য কিনিবলগা হৈছে। এক সর্বভাৰতীয় সংবাদ মাধ্যমত প্রকাশিত ৰিপোর্ট অনুযায়ী, ইংৰাজ আমোলৰ পৰাই থৰ মৰুভূমিত এই ৰীতি চলি আহিছে। সেই সময়ত কাঠৰ চাহিদা বেছি হোৱাত কাঠ জাতীয় গছেই বেছি লগোৱা হৈছিল। বিগত কেইবা দশকতো সেই নিয়ম চলি আহিছে। ইয়াৰ উপৰি নতুনকৈ তাত কৃষিকৰ্মৰ বাবে ফার্ম খোলা হৈছে।
আৰু এইবোৰ কাৰণতেই প্রাকৃতিকভাবে জন্মা গছ-লতা কিম্বা এই পৰিবেশত জন্ম হোৱা সেউজীয়া ঘাঁহে ঢকা এলেকাৰ পৰিমাণো লাহে লাহে কমি আহিছে। ইয়াৰ সলনি এনেকুৱা পাচলিৰ খেতি কৰা হৈছে যিয়ে অঞ্চলটোৰ পৰিবেশতন্ত্রৰ ক্ষতি কৰিছে।
আৰু তাৰেই ফল এই কম বৃষ্টিপাত। যিটো স্থানীয় কৃষকসকলৰ বাবে অধিক চিন্তাৰ কাৰণ হৈ পৰিছে। সকলোতকৈ বেয়া অৱস্থা বিকানেৰ সংলগ্ন এলেকাত। কিন্তু আশাৰ কথা এটাই, বিগত কেইবা বছৰত এই এলেকাত অবৈধ নির্মাণ বন্ধত বিশেষ উদ্যোগ লোৱা হৈছে।
ইয়াৰ উপৰি স্থানীয় গছো ৰোপণ কৰা হৈছে প্রশাসনৰ তৰফৰ পৰা। বাসিন্দাসকলৰ আশা, খুব সোনকালেই এই নকল সেউজকৰণক আঁতৰাই পুৰণি ছবিতেই ধৰা দিব থৰ মৰুভূমিয়ে। ফলত বিনষ্ট নহ’ব পৰিবেশতন্ত্রও।













