নিউজ ডেস্কঃ ১৯৭৬ চনত মৃণাল সেন পৰিচালিত ‘মৃগয়া’ ছবিৰে বলিউডত অভিষেক ঘটিছিল মিঠুন চক্রৱর্তীৰ। প্রথম ছবিয়েই ছুপাৰ হিট। অসম্ভৱ ব্যৱসায় কৰিছিল ‘মৃগয়া’ই। শ্ৰেষ্ঠ নৱাগত অভিনেতা হিচাবে ছবিখনৰ বাবে মিঠুন চক্ৰৱৰ্তীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছিল। কিন্তু তাৰমানে এইটো নহয় যে, সেই এখন ছবিয়েই তেওঁক সাফল্যৰ শিখৰত উঠাই দিছিল। ইয়াৰ পিছত কেইখনমান ছবিত তেওঁ খুব সৰু কাম পাইছিল। কিন্তু কোনো কামকেই সৰু হিচাবে নাচায় মিঠুনে। সেয়ে শ্বুটিং ছেটত স্পট বয়ৰ কামো কৰিছিল।
১৯৮২ চনৰ ‘ডিস্কো ডেন্সাৰ’ ছবিখনেই আছিল সেই জখলা, যিয়ে মিঠুনক তাৰকা খ্যাতিৰ শিখৰত আৰোহণ কৰাইছিল। ‘ডিস্কো ডেন্সাৰ’ কৰি ভাৰতৰ বাহিৰত, বিশেষকৈ ৰাছিয়া আৰু কাজাখস্তানতো তুমুল জনপ্রিয় হৈ উঠে তেওঁ। সেই সময়ত মিঠুনৰ তাৰকা খ্যাতি কোন পর্যায়ত উপনীত হৈছিল সেয়া এটা সৰু কাহিনীৰেই বুজি পাব। ‘ডিস্কো ডেন্সাৰ’ ছবিখন মুক্তি পোৱাৰ পিছত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কাজাখস্তানলৈ গৈছিল অভিনেতাগৰাকী।
মিঠুন যে কাজাখস্তানলৈ গৈছে, সেই খবৰ আগতীয়াকৈ পাইছিল তাৰ লোকসকলে। বিমানবন্দৰৰ বাহিৰত লাখ লাখ মানুহৰ ভিৰ হৈছিল কেৱল মিঠুনক এক পলক দেখিবৰ বাবে! কাজাখস্তানে যে তেওঁক ইমান মৰম দিব, সেয়া কল্পনাও কৰিব পৰা নাচিল তেওঁ। বিমানবন্দৰৰ বাহিৰত ভৰি থোৱা মাত্ৰকে বিপুল সংখ্যক মানুহে একেলগে ‘জিমি জিমি’ বুলি চিঞৰা আৰম্ভ কৰে। কাৰণ, ‘ডিস্কো ডেন্সাৰ’ত মিঠুনৰ চৰিত্রটোৰ নাম আছিল জিমি। মজাৰ কথা যে, সেই একেটা দিনতে কাজাখস্তানৰ তৎকালীন ৰাষ্ট্ৰপতিৰ এক অনুষ্ঠানো আছিল।
কিন্তু ইমান বেছি লোক মিঠুনৰ বাবে বিমানবন্দৰৰ বাহিৰলৈ গুচি আহিছিল যে, ৰাষ্ট্ৰপতিয়ে তেওঁৰ অনুষ্ঠান বাতিল কৰিবলগা হৈছিল। এই ঘটনা হয়তো ইতিহাসত পুনৰাবৃত্তি হোৱাটো ইমান সহজ নহ’ব৷ এই বিৰল ৰেকৰ্ডৰ গৰাকী হৈ আজিও আছে মিঠুন চক্ৰৱৰ্তী৷