অনিশ্চয়তা আৰু দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অৱশেষত আজি ঘোষণা কৰা হ’ল আইপিএলৰ সম্পূৰ্ণ সূচী। অহা ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰশাহীত আৰম্ভ হ’বলগীয়া ২০২০ বৰ্ষৰ আইপিএল চলিব ১০ নৱেম্বৰলৈ।
ইতিমধ্যে আটাইকেইটা দল গৈ ইউএইত উপস্থিত হৈছে। প্ৰকাশিত সূচী অনুসৰি প্ৰথমখন মেচ অনুষ্ঠিত হ’ব ৰোহিত শর্মাৰ মুম্বাই ইণ্ডিয়ানছ আৰু ধোনিৰ চেন্নাই ছুপাৰ কিংছৰ মাজত। ফাইনেল অনুষ্ঠিত হ’ব ১০ নৱেম্বৰত।
মুঠ ৮টা দলৰ মাজত এইবাৰৰ প্ৰতিযোগিতাত প্ৰতিটো দলে ১৪খনকৈ মেচত অংশগ্ৰহণ কৰিব৷ আনহাতে, কোৱালিফায়াৰ ১, কোৱালিফায়াৰ ২, এলিমিনেটৰ আৰু ফাইনেলসহ মুঠ ৬০খন টি-২০ মেচ অনুষ্ঠিত হ’ব এইবাৰৰ আইপিএলত৷













