পুনৰ দেশৰ বাবে দুঃখবৰ৷ প্রয়াত হ’ল দেশৰ প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জী৷ ৮৪ বছৰ বয়সত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ লগে লগে ভাৰতীয় ৰাজনীতিৰ এক ডাঙৰ অধ্যায়ৰ অৱসান ঘটিল৷ দিল্লীৰ সেনা হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷
উল্লেখ্য যে ঘৰৰ বাথৰুমত পৰাৰ পিছত প্রাক্তন ৰাষ্ট্রপতিগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু তাত মস্তিষ্কৰ অস্ত্ৰোপচাৰো কৰা হৈছিল৷ আনহাতে, হস্পিটেলত ভৰ্তি কৰোৱাৰ সময়ত তেওঁ ক’ৰোনা সংক্ৰমিত পোৱা গৈছিল৷ পিছত তেওঁক ভেণ্টিলেৰত ৰখা হয় যদিও কমালৈ গুচি যায়৷ টুইটযোগে আজি বিয়লি ৫.৪৫ বজাত পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে পিতৃৰ মৃত্যুৰ খবৰটো ৰাজহুৱা কৰে৷
উল্লেখ্য যে দেশৰ ১৩ সংখ্যক ৰাষ্ট্রপতি হিচাপে ২০১২পৰা ২০১৭ চনলৈ দায়িত্বত আছিল।তাৰ পিছতে তেওঁ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ ৫০ বছৰৰো অধিক সময় সক্রিয় ৰাজনীতিত থকা প্রণৱ মুখাৰ্জীক ২০১৯ চনত ভাৰত ৰত্ন সম্মানেৰে বিভূষিত কৰা হয়৷ ১৯৯৭ চনত তেওঁ শ্ৰেষ্ঠ সাংসদৰ বঁটাও লাভ কৰিছিল৷ আনহাতে, ২০০৮ চনত লাভ কৰিছিল পদ্মবিভূষণ সম্মান৷
ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰী সময়তে ১৯৬৯ চনত ৰাজ্যসভালৈ প্ৰথম নিৰ্বাচিত হৈছিল।তাৰ পাছৰ পৰা ২০১২ বৰ্ষলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আছিল মুখাৰ্জী। ১৯৮২–৮৪ চনত কেন্দ্ৰ বিত্তমন্ত্ৰী হিচাপে মুখাৰ্জীয়ে ৰাজনীতি জীৱন সমাপন কৰি ৰাষ্ট্ৰপ্ৰতি আসন অলংকৃত কৰিছিল।
তদুপৰি ২০০৪ৰ পৰা ২০০৬ চনলৈ প্ৰতিৰক্ষা মন্ত্ৰী,২০০৬ৰ পৰা ২০০৯লৈ বিদেশ মন্ত্ৰী আৰু ২০০৯ ৰ পৰা ২০১২ চনলৈ বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জ্যেষ্ঠ নেতাগৰাকীয়ে।
তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাষ্ট্ৰপতিকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে।ৰাজনীতিবিদগৰাকীৰ দেহাৱসানৰ বাবে ৭দিনীয়াকৈ শোক ঘোষণা।













