নিউজ ডেক্স:
চেন্নাই ছুপাৰ কিংছৰ শিবিৰত ক’ৰোনা আতংকৰ পাচত এইবাৰ সংক্ৰমণ হ’ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডত৷ সংযুক্ত আৰব আমিৰশ্বাহিত যোৱা এজন ব’ৰ্ডৰ সদস্য ক’ৰোনাত আক্ৰান্ত হৈছে৷ আইপিএল ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷
তাৰ কেইদিনমানৰ আগতে ব’ৰ্ডৰ কৰ্মকৰ্তা ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰে নতুনকৈ আতংকই বিৰাজ কৰিছে৷ আইপিএলৰ এজন কৰ্মকৰ্তাই সংবাদ প্ৰতিষ্ঠানক কয়, ব’ৰ্ডৰ এজন সদস্য ক’ৰোনাত আক্ৰান্ত হৈছে৷
তেওঁ ক্ৰিকেট অপাৰেচন টিমৰ সদস্য নে মেডিকেল টিমৰ সেই কথা জানিব পৰা নাই৷ তেওঁৰ পৰীক্ষা চলি আছে৷ আন সদস্যসকল সুস্থ হৈ আছে৷ কোনো সদস্যৰ উপসৰ্গ দেখা নাই৷ ফলত উদ্বেগৰ কোনো কাৰণ নাই৷
ইয়াৰ আগতে চেন্নাই ছুপাৰ কিংছৰ ১৩জনৰ ক’ৰোনা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল৷ তাৰ মাজত পেচ বলাৰ দীপক চাহা আৰু বেটছমেন ঋতুৰাজ গাইকোৱাড আছিল৷ এই ১৩ জনক বাকীসকলা পৰা আঁতৰত ৰখা হৈছে৷ বাধ্যতামূলক ১৪ দিন কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হ’লে তেওঁলোকক পুনৰ ক’ৰোনা পৰীক্ষা কৰা হ’ব৷













