ষ্টাফ ৰিপ’ৰ্টাৰ:
সদ্যে হৈ যোৱা বিধানসভা অধিৱেশনত ক’ৰোনাক লৈ কোনো এগৰাকী সদস্যই বিশেষ প্ৰশ্ন নকৰিলে বা ডিভাইচ নানিলে বুলি আক্ষেপ কৰিছে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ শুকুৰবাৰে জনতা ভৱনত এখন সংবাদমেলত মন্ত্ৰী ড° শৰ্মাই ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷
ৰাজ্যত ক’ৰোনাৰ প্ৰকোপ বাঢ়িছে যদিও কোনো ধৰণৰ লকডাউন বলৱত্ কৰাৰ সম্ভাৱনা নাই। এই সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ মতে এতিয়া আৰু কোনেও লকডাউন দিব নোৱাৰিব৷ লকডাউন দিব লাগিলে কেন্দ্ৰৰ অনুমতি ল’ব লাগিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মাস্ক নিপিন্ধিলে পাঁচশ টকাৰ জৰিমনা বিহিবলৈ নিৰ্দেশ দিছে৷
জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই নিৰ্দেশ দিয়া হৈছে৷ তাক আমি কাৰ্যকৰী কৰিব লাগিব৷ কাইলৈ আমি আলোচনা কৰিম।’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত লগতে উল্লেখ কৰে যে প্ৰতিদিনে তিনি হাজাৰকৈ লোক আক্ৰান্ত হৈছে৷ ইয়াৰ বাবে এক কষ্টকৰ হ’ব পৰিৱেশ হৈছেগৈ বুলি মন্ত্ৰীজনে কয়৷
আনহাতে মাস্ক নিপিন্ধিলে প্ৰথমে পাঁচশ টকা, পিছত আকৌ নিপিন্ধিলে এহাজাৰ ভৰিব লাগিব বুলি মন্ত্ৰীজনে কয়৷ ইয়াৰ লগতে মন্ত্ৰী ড° শৰ্মাই কয় যে কলেজ শিক্ষকৰ পৰীক্ষা কৰাত ক’ভিড আক্ৰান্তৰ সংখ্যাৰ হাৰ বাঢ়িছে।
ক’ভিডৰ পিছৰ পৰৱৰ্তী সময়তো বৰ জটিল হৈছে৷ আনহাতে ক’ভিড পানীলগা জ্বৰ বুলি প্ৰচাৰ চলোৱাসকল সমাজৰ প্ৰতিষ্ঠিত লোক বুলি সংবাদ মেলত মন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰি কয় যে কালি এজন বিধায়কে ক’ভিডক জয় বাংলা বুলি কৈছিল৷ আনহাতে ক’ভিডত আক্ৰান্তৰ সংখ্যা দিনে তিনিশকৈ বাঢ়িছে৷ মৃত্যুৰ হাৰ কিন্তু তুলনামূলকভাৱে বহু কম বুলি মন্ত্ৰী ড° শৰ্মাই কয়৷













