বোকাখাত : পৰিবেশ সংৰক্ষণৰ লগতে সেউজ ধৰণী গঢ়াৰ সংকল্পৰে গঠন হৈ ৰাজ্যখনত পৰিচিত হৈ পৰা বোকাখাতৰ অন্যতম স্বেচ্ছাসেবী সংগঠন ‘গ্রাছ’-এ এই বছৰৰ পৰা নতুনকৈ প্ৰদান কৰিব আৰু দুটি বঁটা ‘গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড’ আৰু ‘গ্ৰাছ সমাজ হিতৈষী বঁটা’। গ্ৰাছ, বোকাখাতৰ সভাপতি অংকুৰ বৰঠাকুৰে এই কথা জানিবলৈ দিছে।
উল্লেখ্য যে প্ৰতি বৰ্ষতে মহকুমাটোত বিভিন্ন উন্নয়নমূলক কামৰ লগতে সেউজীকৰণ, স্বচ্ছতা আৰু অন্যান্য সামাজিক কাম-কাজৰ লগত জড়িত একোজন ব্যক্তিক ‘গ্রাছ গ্রীণ এৱার্ড’ আৰু মহিলা সৱলীকৰণৰ বিষয়ত কাম কৰি থকা একোগৰাকী মহিলাক প্ৰতি বছৰে ‘গ্রাছ ৱমেন এৱার্ড” প্রদান কৰি আহিছে।
কভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশত চলি থকা লক-ডাউনৰ পৰিপ্ৰেক্ষিতত যোৱা ৫ জুনত সংগঠনটোৱে নিজৰ প্ৰতিষ্ঠা দিৱস আৰু বিশ্ব পৰিবেশ দিৱস অনুষ্টুপীয়াকৈ সমাপন কৰিছিল। ২০২০ বৰ্ষত পঞ্চম বৰ্ষপূৰ্তি উপলক্ষ্যে শাৰিৰীক দূৰত্ব মানি অনুষ্ঠিত সেই অনুষ্টুপীয়া অনুষ্ঠানতে গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই গ্ৰাছৰ ২০২০ বৰ্ষৰ বঁটা সমূহ ঘােষণা কৰে।
উল্লেখ্য যে এই বছৰৰ পৰা কৃষিকৰ্মৰ যােগেদি নিজৰ লগতে আনকো উৎসাহিত কৰিব পৰা ব্যক্তিক কমলেশ্বৰ বৰা সোঁৱৰণী ‘গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড’ আৰু সমাজৰ কল্যানৰ অৰ্থে সেৱা আগবঢ়োৱা সমাজৰ হিতাকাংক্ষী লোকলৈ ‘গ্ৰাছ সমাজ হিতৈষী বঁটা’ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ।
এই মৰ্মে ২০২০ বৰ্ষৰ গ্ৰাছৰ দ্বাৰা নিয়োজিত নিৰ্বাচনী সমিতিৰ জড়িয়তে ঘোষণা কৰা মতে ধনীল বৰঠাকুৰ সোঁৱৰণী ‘গ্ৰাছ গ্রীণ এৱার্ড’ লাভ কৰিছে কমাৰগাঁও পানীদিহিঙীয়াৰ প্ৰশান্ত বৰবৰাই, নুমলী হাজৰিকা সোঁৱৰণী ‘গ্রাছ ৱমেন এৱার্ড’ লাভ কৰিছে কাজিৰঙাৰ ৰূপজ্যোতি শইকীয়া গগৈয়ে আৰু প্রথমবাৰৰ বাবে আগবঢ়োৱা “গ্ৰাছ ফার্মাৰ এৱাৰ্ড’ লাভ কৰিছে বাদুলীপাৰ কানফলাৰ ডিম্বেশ্বৰ গগৈয়ে আৰু ‘গ্ৰাছ সমাজ হিতৈষী বঁটা’ লাভ কৰিছে দেৰগাঁৱৰ আলহাজ ৰাজুমনি হুছেইনে।
কৃষিখণ্ডৰ লগতে বিভিন্ন ঔদ্যোগিক খণ্ডৰ জড়িয়তে সমাজৰ গৰিষ্ঠ সংখ্যক দৰিদ্ৰ লোকক কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালকৈ হুছেইনে আগবঢ়োৱা বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অৱদানৰ স্বীকৃতি হিচাপে গ্ৰাছে পোনপ্ৰথমবাৰৰ বাবে হুছেইনলৈ আগবঢ়াইছে ‘গ্ৰাছ সমাজ হিতৈষী বঁটা’।
উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বোকাখাতৰ কমাৰগাঁৱত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰাক ক্ষণত আলহাজ ৰাজুমনি হুছেইনে সংগঠনটোৰ কাম-কাজ সুকলমে হ’ব পৰাকৈ ব্যক্তিগতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ এখন নতুন ট্ৰাক প্ৰদান কৰি বদান্যতাৰ বাবে ৰাইজৰ প্ৰশংসা পাত্ৰ হৈছিল।
মূলতঃ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে জন্ম লোৱা গ্ৰাছে সম্প্ৰতি মানৱ সেৱাতো আত্মনিয়োগ হোৱা দেখা গৈছে। শেহতীয়াভাৱে মহামাৰী ক’ৰােনা ভাইৰাছৰ ৰােধৰ বাবে মহকমাটোৰ বিভিন্ন অঞ্চলত চেনিটাইজেচন কৰি এক সজগতা অনাৰ প্ৰয়াস কৰিছে গ্ৰাছে। ষাঠি হাজাৰো অধিক গছপুলি ৰোপনেৰে প্ৰকৃতি সুৰক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ দ্বাৰাও সম্বৰ্দ্ধিত হৈছে গ্ৰাছ, বোকাখাত।
গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰে ছেপ্তেম্বৰ মাহৰ শেষৰফালে বঁটা সমূহ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে উক্ত অনুষ্ঠানতে বদন দুৱৰা সম্পাদিত গ্ৰাছৰ মুখপত্ৰ ‘শ্যামলীমা’ৰো উন্মোচন কৰা হ’ব বুলি জানিবলৈ দিছে।













