ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও জিলা বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ পোটনি কমাৰগাঁও অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, জিতেন বৰা নামৰ লোক জনে অবৈধ ভাবে কাঠ ফলা মিলটো চলাই আহিছিল।
এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলাখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে অবৈধ কাঠফলা মিলটো উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়।
এই অভিযানত বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বনপালক এক প্ৰভাত বৰাৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। আনহাতে আজিৰ অভিযানত অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক, গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।













