ষ্টাফ ৰিপ’ৰ্টাৰ:
অৱশেষত আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰ শিশু নিৰ্যাতন ঘটনাৰ অভিযুক্ত।শিশু নিৰ্যাতনৰ ঘটনাত জড়িত মূল অভিযুক্ত গ্ৰেপ্তাৰ হ’ল ডা০ সিদ্ধিপ্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী ড০ মিতালী কোঁৱৰ।
উল্লেখ যোৱা ২৭ আগষ্টত দম্পতী দয় বাসগৃহত বনকৰা ১২ বছৰীয়া এটা শিশু দেহত গৰম পানী ঢালি নিৰ্যাতন চলাইছিল।তাৰ পাছৰে পৰা আত্মগোপন কৰি আছিল দুয়ো অভিযুক্ত।
সমগ্ৰ ৰাজ্যজুৰি দুই কালপ্ৰীতক গ্ৰেপ্তাৰৰ দাবী উঠিছিল।নগাঁৱৰ ৰহাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুয়োকে।গুৰুত্বপূৰ্ণ কথা এই যে ডক্টৰ মিতালী কোঁৱৰ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা আছিল।














