নিউজ ডেক্স:
১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এইবাৰৰ আইপিএল৷ এই মেগা টুৰ্ণামেণ্টৰ দুটা সবাতোকৈ সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলেৰে ২০২০ চনৰ আইপিএলৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব৷ দেওবাৰে এইবাৰৰ আইপিএলৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰে৷
উল্লেখ্য যে এই দুয়োটা দলেই ২০১৯ চনৰ আইপিএলৰ ফাইনেলত উপনীত হৈছিল৷ আবু ধাবিত ১৯ ছেপ্টেম্বৰত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব৷ ১৩ সংখ্যক আইপিএল সংযুক্ত আৰব আমিৰ শ্বাহিৰ তিনিখন ঠাইত অনুষ্ঠিত হ’ব৷
সেই ঠাই তিনিখন হ’ল আবু ধাবি, ডুবাই আৰু শ্বাৰজাহ৷ ইয়াৰে ডুবাইত ২৪খন ৰাউণ্ড ৰবীন মেচৰ লগতে আবু ধাবিত ২০ খন আৰু শ্বাৰজাহত ১২ খন মেচ অনুষ্ঠিত হ’ব৷ ৩ নৱেম্বৰলৈকে গ্ৰুপ পৰ্যায়ৰ মেচ হ’ব৷
আনহাতে আইপিএলৰ ফাইনেল খেল ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ ইপিনে উদ্বোধনী খেলৰ পিচ দিনা ডুবাইত দিল্লী কেপিটেল আৰু কিংছ ইলেভেন পাঞ্জাৱ আৰু তৃতীয়খন মেচ ২১ ছেপ্টেম্বৰত ছানৰাইজ হাইদৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব৷ আনহাতে ২২ ছেপ্টেম্বৰত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত শ্বাৰজাহত মেচ অনুষ্ঠিত হ’ব৷













