ৰোনাল্ডোৰ চেঞ্চুৰি! বিশ্বৰ দ্বিতীয় ফুটবলাৰ হিচাবে জাতীয় দলৰ হৈ ১০০ গ’লৰ অভিলেখ গঢ়িলে ‘চিআৰ ছেভেন’-এ। দেশৰ জাৰ্চিত ৰোনাল্ডোই ১০১ গ’লৰ তুলনাত পেলেৰ গ’ল সংখ্যা ৭৭, মেছীৰ ৭০, আৰু মাৰাডোনাৰ বহুতেই কম।
https://youtu.be/Qwt6G8PSYBQ
মঙ্গলবাৰে উয়েফা নেচনছ কাপত ছিইডেনৰ বিৰুদ্ধে সম্পূৰ্ণ ছন্দত খেলপথাৰত নামে ৰোনাল্ডো। দুটা গ’ল কৰে তেওঁ। ৰোনাল্ডোৰ প্ৰতাপত পর্তুগালে মেচখনত জয়ী হয় ২-০ গ’লত। এতিয়া ৰোনাল্ডোৰ সন্মুখত কেৱল ইৰানৰ তাৰকা ষ্ট্ৰাইকাৰ আলি দায়ি। তেওঁৰ গ’ল সংখ্যা ১০৯। ছিইডেনৰ বিৰুদ্ধে দুটা গ’ল কৰাত ৰোনাল্ডোৰ গ’ল সংখ্যা বৰ্তমান ১০১।
উল্লেখ্য যে ২০০৪ চনত ইউৰো কাপত গ্রীছৰ বিৰুদ্ধে দেশৰ হৈ প্রথম গ’ল কৰিছিল ৰোনাল্ডোই। শততম গ’লটি আহিল অভিষেকৰ ১৬ বছৰ পিছত।
মঙ্গলবাৰে বিৰতিৰ ঠিক আগৰ মুহূর্তত ফ্রি-কিকৰ পৰা ছুইডেনৰ গ’ল পোষ্টৰ জাল কঁপায় ৰোনাল্ডোই। ১০১ নম্বৰ গ’লটি আহে খেলৰ ৭২ মিনিটত। পেনাল্টি বক্সৰ বাহিৰৰ পৰা সোঁ ভৰিৰ শ্বটেৰে নিজৰ দ্বিতীয় গ’লটি কৰে ৰোনাল্ডোই।













