নিউজ ডেস্কঃ
পুনৰ অসমত ১৮ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। ৰাজ্যত বৰ্তমানেও কমা নাই কৰোণাতংক; ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
ক’ৰোণাত মৃত্যু হোৱা এই ১৮ জন ব্যক্তি হৈছে ক্ৰমে আব্দুল হক, ইদ মহম্মদ, ফুলেশ্বৰী ডেকা আৰু দিপ্তি মণি গগৈ ডিব্ৰুগড়ৰ পৰা, ইন্দেশ্বৰ দাস চৰাইদেউৰ পৰা, কে. ঝানডিয়া, লাৱণ্য বৰুৱা আৰু মঠাং চুতিয়া তিনিচুকীয়াৰ পৰা, তায়েৱ আলম বৰা শিৱসাগৰৰ পৰা, বিষ্ণু পাদা সাহা আৰু বিভা ৰাণী সাহা, গষ্ট চন্দ্ৰ বৰ্মণ ধুবুৰীৰ পৰা, জগদীশ চন্দ্ৰ দাস আৰু মাধৱানন্দ গোস্বামী কামৰূপ মেট্ৰোৰ পৰা, গোলাপ চন্দ্ৰ দাস বঙাইগাওঁৰ পৰা, ৰজনী কান্ত হালৈ আৰু প্ৰফুল্ল কলিতা নলবাৰীৰ পৰা, ভূমি দত্ত শৰ্মা শোণিতপুৰৰ পৰা। ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৩৯৬ জন।












