
গুৱাহাটী : সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে গঠন কৰিলে আহ্বায়ক সমিতি। অসম পৰামৰ্শদাতা কমিটি সদস্য ড: কৃষ্ণগোপাল ভট্টাচাৰ্য, বসন্ত ডেকাক মুখ্য আহ্বায়কৰ দায়িত্ব প্ৰদান কৰিলে সংগঠন দুটাই।
আছু-পৰিষদে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰখা স্বাৰ্থত পূৰ্ণ পৰ্যায়ৰ ৰাজনৈতিক দল গঠনৰ বাবে মুখ্য আহ্বায়কদ্বয়ক দায়িত্ব অৰ্পণ কৰে। ১৫ ছেপ্টেম্বৰ ভিতৰত পূৰ্ণ পৰ্যায়ৰ আহ্বায়ক সমিতি গঠন কৰি শীঘ্ৰে ৰাজনৈতিক দলক পূৰ্ণাংগ ৰূপ দিয়া আহ্বান জনালে আছু-যুৱ ছাত্ৰ পৰিষদে।
উল্লেখ্য যে পৰামৰ্শদাতা কমিটিয়ে আছু-পৰিষদক জাতীয়তাবাদী আদৰ্শত এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাটো সময়ৰ দাবী বুলি পৰামৰ্শ দিছিল। বিকল্প ৰাজনৈতিক শক্তি গঠন কৰা পৰামৰ্শ দিছিল। লগতে প্ৰতিটো জনগোষ্ঠীৰ সচেতন লোকক দলটোৰ নেতৃত্বলৈ অনা প্ৰয়োজন বুলি উল্লেখ কৰিছিল। উক্ত পৰামৰ্শ ভিত্তিতে অ-ৰাজনৈতিক চৰিত্ৰ ৰক্ষা কৰি সংগঠন দুটাই ৰাজনৈতিক দল গঠনৰ দায়িত্ব দিলে আহ্বায়ক সমিতিক।
গুৱাহাটী পানবজাৰৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত সংবাদমেলৰ জৰিয়তে আছু-জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে ঘোষণা কৰে এই কথা। আছু সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকে সংবাদমেলত।
আছু সাধাৰণ সম্পাদক লুৰিণে কয়- “অসমীয়া জাতীয় জীৱনৰ সংকট সমাধানৰ বাবে আছু-যুৱ ছাত্ৰ পৰিষদে অৰাজনৈতিক প্রক্রিয়াৰে আগবাঢ়ি আহ্বায়ক সমিতি গঠন কৰিলে। সমিতিয়ে এতিয়া দল গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব”।
দেশৰ সংবিধান আৰু ফেডাৰেল গাঁথনিৰ গণ্ডীৰ ভিতৰত থাকি বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দলটো চিন্তা-ভাৱনা আৰু কামকাজৰ মূলমন্ত্ৰ- “অসম প্ৰথম, সদায় আৰু চিৰদিন” হোৱা উচিত বুলি পৰামৰ্শদাতা কমিটিয়ে উল্লেখ কৰিছে।
সংবাদমেলত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই বিশ্বাসঘাটক, সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰা বাবে আঞ্চলিকতাবাদী শক্তিসমূহ বিভাজিত নহৈই ঐক্যবদ্ধ হ’ব লাগে বুলি আহ্বান জনায়”।
ৰাষ্ট্ৰীয় শক্তি তথা সাম্প্ৰদায়িক কোনো শক্তিৰ বিৰুদ্ধে গঠন হ’ব লগা ৰাজনৈতিক দলটোৱে মিত্ৰতা নকৰে বুলি স্পষ্টকৈ উল্লেখ কৰে সংগঠন দুটা নেতৃত্বই।
ৰাজনৈতিক দল গঠনৰ আহ্বায়ক সমিতি দায়িত্ব গ্ৰহণ কৰি ড: কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই কয়- খৰতকীয়াকৈ দায়িত্ব সমাপন কৰা হ’ব।












