
গুৱাহাটী : কালি দৰং জিলাৰ খাৰুপেটীয়াত হোৱা কংগ্ৰেছ দলৰ সভাত সভাপতি ৰিপুন বৰাই বিজেপি দলক ফেঁটী সাপৰ লগত তুলনা কৰা কাৰ্যই কংগ্ৰেছ দল যে পুনৰ হতাশগ্ৰস্ততাত ভুগি আছে তাকে প্ৰতিপন্ন কৰিছে। বিজেপি দলে যোৱা ৬ বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৪ বছৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দেশ আৰু ৰাজ্যক যি অভূতপূৰ্ব উন্নয়নৰ গতিৰে আগুৱাই লৈ গৈছে তাত দেশৰ জনসাধাৰণ আস্বস্ত হৈছে। কংগ্ৰেছ তথা বিৰোধী দলসমূহৰ কঠোৰ নীতিবাচক সমালোচনাৰ পিছতো যোৱা ২০১৯ চনত হোৱা লোকসভাৰ নিৰ্বাচনত দেশৰ জনতাই বিজেপি দলক পুনৰ অধিক আসনত জয়ী কৰাই দেশৰ শাসনভাৰ অৰ্পণ কৰিছে। যোৱা পঞ্চায়ত নিৰ্বাচনত অসমৰ জনতাই বিজেপিৰ সপক্ষে অভূতপূৰ্ব সমৰ্থন আগবঢ়াই ৰাজ্য চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে কৰা কামৰ সপক্ষে থিয় দিছে।
আনহাতে দলৰ জনবিৰোধী নীতিৰ বাবে দেশৰ লগতে ৰাজ্যবাসীয়েও কংগ্ৰেছক শাসনৰ পৰা আঁতৰোৱাই নহয় মনৰ পৰাও আঁতৰাই পেলাইছে আৰু কংগেছ দলটো বৰ্তমান এটা বাংলাদেশী মূলৰ মানুহৰ দলত পৰিণত হৈছে। শেহতীয়াকৈ কালি কংগ্রেছ দলৰ ৰাজ্যিক সম্পাদক হেমন্ত কুমাৰ নেওগে সংবাদ মাধ্যম যোগে কৈছে “কংগ্ৰেছ দলত বৰ্তমান মিয়াতন্ত্ৰ চলিছে”। লগতে অসমৰ থলুৱা মুছলমানে এলাগী হোৱাৰ অভিযোগ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছে। কংগ্ৰেছ দল যে এতিয়া বাংলাদেশী মূলৰ মুছলমানৰ দলত পৰিণত হৈছে সেয়া যোৱা অসম বিধানসভাৰ নিৰ্বাচনৰ পিছত নিৰ্বাচিত হোৱা কংগ্ৰেছ দলৰ মুঠ ১৭ জন মুছলমান বিধায়কৰ অধিকাংশই বাংলাদেশী মূলৰ নিৰ্বাচিত হোৱাই সত্য প্ৰতিপন্ন কৰে। লগতে বৰ্তমান কংগ্ৰেছ দলত যে কোনো স্বাভিমানী ভাৰতীয় তথা স্বাভিমানী অসমীয়া থকাৰ পৰিৱেশ নাই, কংগ্ৰেছ সম্পাদক নেওগৰ কথাই সত্য বুলি প্ৰমাণ কৰিছে।
কংগ্ৰেছ আৰু এআইইউডিএফৰ ৰাজনৈতিক মিত্ৰতাৰ পিছতে কংগ্ৰেছ দল এটা সম্পূৰ্ণ মুছলমান মৌলবাদী দললৈ পৰিণত হৈছে। সাম্প্ৰতিক ৰাজনৈতিক ঘটনাৱলী বিশেষকৈ কংগ্ৰেছৰ সম্পাদক নেওগৰ দল ত্যাগে তাকে প্ৰমাণ কৰিছে। কংগ্ৰেছৰ এই আভ্যন্তৰীণ দলীয় সংকটৰ বাবে সভাপতি ৰিপুন বৰাই দিকবিদিক হেৰুৱাইছে আৰু ৰাইজৰ দৃষ্টিৰ পৰা কংগ্ৰেছৰ সংকট ঢাকি ৰাখিবলৈ বিজেপি দলৰ বিৰুদ্ধে অহেতুক মন্তৱ্য প্ৰকাশ কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তিত ৰাজ্যিক বিজেপিয়ে এই অভিযোগ কৰে।












