
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ পদোন্নতি হৈছে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে। আঢ়ৈ বছৰ বোকাখাতত প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা বিবেক শ্যামে আজি তেখেতৰ বিদায় মুহূৰ্তত মহকুমাধিপতিৰ আলোচনা কক্ষত বোকাখাতৰ সকলো সাংবাদিক সংস্থাৰ সদস্যসকলক আমন্ত্ৰণ কৰি এক অন্তৰংগ ভাৱ বিনিময়ৰ অনুষ্ঠান অনুষ্ঠিত কৰে। সাংবাদিক সকলেও মহকুমাধিপতিগৰাকীৰ সৈতে বিগত সময়চোৱাত কটোৱা সময়ৰ ৰোমন্থন কৰে। মহকুমাধিপতিগৰাকীয়ে যোৱা সময়চোৱাত বোকাখাতৰ সাংবাদিকসকলৰ পৰা পোৱা সহযোগিতাৰ কথা আন্তৰিকতাৰে সোঁৱৰে আৰু বোকাখাতৰ এই সময়চোৱা তেখেতৰ জীৱনৰ এচোৱা ভাল সময় হিচাপে সদায় মনত ৰাখিব বুলি মন্তব্য কৰে। কাৰ্য সম্পাদনাৰ সময়ত একান্ত অনিশ্চাকৃতভাৱে হোৱা উভৈপক্ষৰ ভুল বুজাবুজি আজিৰ এই আবেগিক মুহূৰ্তত সকলোৱে পাহৰি যোৱাৰ কথা ব্যক্ত কৰে। এক আবেগিক পৰিবেশত মহকুমাধিপতিগৰাকীৰে সাংবাদিকসকলৰ হোৱা অন্তৰংগ বাৰ্তালাপে স্পৰ্শ কৰিলে উপস্থিত প্ৰতিগৰাকীৰে হৃদয়।

বিগত সময়চোৱাত মহকুমাধিপতিগৰাকীৰ নেতৃত্বত হোৱা বোকাখাত মহকুমাৰ উন্নয়নৰ দিশবোৰ তুলি ধৰি মহকুমাধিপতিগৰাকীৰ সান্নিধ্যত কটোৱা ভিন্ন সময়ৰ এক খতিয়ান ডাঙি ধৰি নষ্টালজিক তথা আবেগিক হৈ পৰে কেইবাগৰাকীও জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক। মহকুমাটোৰ সাংবাদিকসকলে এখনি ফুলাম গামোচা আৰু এটা হস্ত-নিৰ্মিত কাঠৰ গঁড় উপহাৰ দি মহকুমাধিপতিগৰাকীক পৰৱৰ্তী উচ্চ প্ৰশাসনিক পদবীত থাকি সফলতাৰে কাম কৰি যোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানৰ আঁত ধৰে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিষয়াগৰাকী আবেগত ক্ৰন্দৰত হৈ পৰা দৃশ্যই প্ৰশাসনিক বিষয়া হিচাপে শ্যামৰ সফলতাৰ অন্য এক দিশ সূচালে।
নিজৰ ভাষণত মহকুমাধিপতি হিচাপে বোকাখাতত তেওঁৰ কাৰ্যকালত মহকুমাটোৰসমূহ সাংবাদিকৰ পৰা পোৱা অনন্য সহযোগিতাৰ কথা সুঁৱৰি অভিভূত হৈ পৰাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰহৰীৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিলে বিদায়ী মহকুমাধিপতি বিবেক শ্যামে। একাংশ প্ৰশাসনিক বিষয়া আৰু সাংবাদিকৰ মাজত মাজে সময়ে দেখা পোৱা বিৰোধৰ বিপৰীতে এয়া যেন এক ব্যতিক্ৰম ছবি। এই অন্তৰংগ অনুষ্ঠানত বিদায়ী মহকুমাধিপতি বিবেক শ্যামৰ লগতে বক্তব্য প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক হেমেন হাজৰিকা, বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়া, কাজিৰঙা নিউজ নেটৱৰ্কৰ মুখ্য সচীব প্ৰদ্যুত মহন্ত, সাংবাদিকদ্বয় দিব্যজ্যোতি হাজৰিকা আৰু ৰাজীৱ বৰা আদিয়ে।

বোকাখাতৰ সাংবাদিকলৈ বিদায়ী মহকুমাধিপতিগৰাকীয়ে বিদায় পৰত একোখনিকৈ ফুলাম গামোচাৰ লগতে আগবঢ়ালে একোটিকৈ স্নেহ টোপোলাৰ উপহাৰ। লগতে লক-ডাউনৰ কালচোৱাত হোটেলসমূহকে ধৰি খাদ্যৰ বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ হৈ পৰাত খাদ্যৰ অভাৱত অনাহাৰে জীৱন হেৰুৱাৰ উপক্ৰম হোৱা বোকাখাত নগৰৰ পথৰ অসহায় কুকুৰক প্ৰতি নিশা পৰিয়ালৰ সহায়ত খাদ্যৰ যোগান ধৰা বোকাখাতৰ কিশোৰী স্নেহা প্ৰিয়দৰ্শিনীক মহকুমাধিপতিয়ে অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়। স্নেহাইও এটি তগৰ ফুলৰ পুলিৰ উপহাৰ দি শুভেচ্ছা যাচে বিদায়ী মহকুমাধিপতি বিবেক শ্যামক।












