
গুৱাহাটী : ঐক্যবদ্ধ আঞ্চলিক দল গঠনৰ পৰিৱেশ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিনষ্ট কৰা বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই মন্তব্যৰ স্পষ্টীকৰণ কৃষক মুক্তিৰ সংগ্রাম সমিতিৰ। গান্ধীবস্তিস্থিত মুখ্য কাৰ্যলয়ত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি সভাপতি ভাস্ক-ডি শইকীয়াই কয়- “আমি কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসমত এটা ঐক্যবদ্ধ আপোচন বিহীন আঞ্চলিক শক্তি গঢ় দিব বিচাৰিছিলো, বিচাৰিছোঁ আৰু ভৱিষ্যতে বিচাৰি যাম। তাৰ বাবে কোনো কম্প্ৰোমাইজ নকৰো”।
বিজেপি চৰকাৰৰ কা’ বিৰুদ্ধে ঐক্যবদ্ধ হ’ব নোৱাৰা বাবে আমি কা’ হাৰিলোঁ। ৰাজনৈতিক ঐক্যবদ্ধ যদি আকৌ আনিব নোৱাৰো তেন্তে ২১ৰ বিধানসভা নিৰ্বাচনত আমাৰ একে দশা হ’ব-শইকীয়াই কয়। লগতে কয় আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ, সাম্প্ৰদায়িক ফেচিবাদক কেৱল জাতিয়তাবাদেহে পৰাস্ত কৰিব পৰা যাব। তাৰ স্বাৰ্থতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঐক্যবদ্ধ আঞ্চলিকতাবাদৰ কথা কৈ আহিছে।
কৃষক মুক্তি সদায় আশাবাদী আমি ঐক্যবদ্ধ হ’ম। আপোচবিহীন এক শক্তি গঢ়ি তুলিম। যি শক্তি ওচৰত সাম্প্ৰদায়িক বিজেপি, কংগ্ৰেছ, এআইইউডিএফ পৰাভূত হ’বলৈ বাধ্য হ’ব।
পলাশ চাংমাই মন্তৱ্যত কৃষক মুক্তি ব্যথিত আৰু দোষ পাইছোঁ বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়- ঐক্যবদ্ধ দল গঠনত কৃষক মুক্তি সদায় ব্ৰতী হৈ আছে। সকলো ত্যাগৰ বাবে সাজু”।
“অখিল গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৃষক মুক্তিয়ে ঐক্যবদ্ধ দলটোত ঘোষণা কৰা নাই। নতুন দলত নেতা কোন হ’ব তাত আমাৰ ফালৰ কোনো চৰ্ত নাথাকে। জাতিৰ নেতা যাকে থিয় কৰাব তাকে মানি ল’ম। নিৰ্বাচনত কৃষক মুক্তিৰ সংগ্ৰাম সমিতি এজনো যদি প্ৰাৰ্থী নিদিয়ে তাতো আমাৰ কোনো আপত্তি নাথাকিব। কেৱল জাতীয় স্বাৰ্থত ঐক্যবদ্ধ হ’ব বিচাৰিছোঁ। ক্ষমতাৰ প্ৰতি লালায়িত নহয়। এই কথা চাংমাই ডাঙৰীয়াক জনোৱা হৈছে। ইয়াৰ পাছত বিষয়বোৰ ধোঁৱলী-কোঁৱলি কৰি নাথাকিলে ভাল হয়”- শইকীয়াই কয়।
কৃষক মুক্তিয়ে নিজা ৰাজনৈতিক দল খুলিম বুলি সংবিধান-কৰ্মসূচী প্ৰস্তুত কৰি থোৱাৰ পাছতো কেৱল ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ স্বাৰ্থত সেইয়া সম্পূৰ্ণ একাষৰীয়া কৰি ৰখা হৈছে- সভাপতিগৰাকীয়ে লগতে কয়।
আছু, কৃষক মুক্তি, যুৱ ছাত্ৰ পৰিষদ সকলোৱে নিজা-নিজা মতাদৰ্শ আছে। কিন্তু প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ সংগঠনৰ উদ্ধত গৈ নিজস্ব মতাদৰ্শ থাকিব, সংবিধান থাকিব। তাত মতাদৰ্শ সংঘাত হ’ব লগা কোনো কথা নাই- শইকীয়াই কয়।












