
অসমত এটা নতুন ৰাজনৈতিক দল জন্ম হোৱাৰ সময় চমু চাপি আহিছে৷ এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো আছুৰ নেতৃত্বতে গঠন কৰা হ’ব৷ চাৰি দিনৰ পিছতে আছুৰ নেতৃত্বত গঠন হ’বলগা দলটোৱে আত্মপ্ৰকাশ কৰিব ৷
স্মৰ্তৱ্য যে ১৯৮৫ চনত ছবছৰীয়া অসম আন্দোলনৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্ম লাভ কৰিছিল ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে৷ দুবাৰকৈ দিছপুৰৰ গাদী দখল কৰিছিল অসম গণ পৰিষদে৷ বৰ্তমানো বিজেপিৰে মিত্ৰতা কৰি চৰকাৰৰ অংশ হৈ আছে আছুৱে জন্ম দিয়া অগপ৷ কিন্তু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত অসম গণ পৰিষদে লোৱা দুৰ্ভাগ্যজনক স্থিতিক সমালোচনা কৰি পুনৰ আছুৱে জন্ম দিবলৈ সাজু হৈছে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল।
ইতিমধ্যে হৈ গ’ল দলৰ জন্ম, মাথোঁ বাকী আছে দলৰ নামকৰণ। ‘Assam first, always and ever’-মূলমন্ত্ৰৰে ৪ দিনৰ পিছতে গঠন হ’ব আছুৰ নতুন ৰাজনৈতিক দল। অসমৰ জাতীয় জীৱনৰ সকলো সমস্যা সমাধানৰ লগতে অসম চুক্তিৰ ৬নং দফাক আধাৰ হিচাপে লৈ গঠন কৰা হ’ব নতুন ৰাজনৈতিক দলটো। এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে, ‘ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বিপৰীতে অসমৰ ৰাইজে এটা আপোচবিহীন, প্ৰগতিশীল আঞ্চলিক দল বিচাৰিছে। য’ত সমাধানৰ বাট মুকলি হোৱাৰ লগতে জাতিটোক শক্তিশালী ৰূপত গঢ়ি তুলিব পৰা যাব। ইয়াৰ বাবে পৰামৰ্শদাতা কমিটীয়ে প্ৰতিবেদনত উল্লেখ কৰিছে।’
লুৰিণজ্যোতি গগৈয়ে লগতে কয়, ‘এই ক্ষেত্ৰত চাহ জনগোষ্ঠী, আদিবাসী, সকলো খিলঞ্জীয়া জনগোষ্ঠী, সংখ্যালঘু সম্প্ৰদায়ক সামৰি লোৱা হৈছে। শিশু মহিলাৰ কল্যাণৰ কথাও পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।’ নতুন ৰাজনৈতিক দলটোৰ আত্মপ্ৰকাশে ৰাজ্যত ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷












