
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিকতাবাদী দলৰ বীজ অংকুৰিত হোৱা পাছদিনাই দুই শীৰ্ষ নেতাই অব্যাহতি ল’লে আছুৰ পৰা। কেন্দ্ৰীয় উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰী আৰু মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে ত্যাগ কৰিছে আছু। উল্লেখ যে চৰ্চা চলিছে নতুন ৰাজনৈতিক দলত চামিল হোৱা বাবে সংগঠনৰ ত্যাগ কৰিছে নেতা দুজনে ।
সামাজিক মাধ্যমৰ জৰিয়তে আছু ত্যাগ কৰি চিত্ৰৰঞ্জনে কয়- ভালৰ বাবে নিজৰ ব্যক্তিগত কথা ভাবি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নতুন যাত্ৰাৰ বাবে সাজু হৈছোঁ। অসম থাকিব আৰু ভৱিষ্যত দিনত অসমৰ হৈ কাম কৰি যাম বুলি লগতে কয়।
উল্লেখ প্ৰায় ২২ বছৰ ধৰি আছু সৈতে জড়িত আছিল চিত্ৰৰঞ্জন। ধেমাজি জিলা এগৰাকী প্ৰভাশালি ছাত্ৰ নেতা বসুমতাৰী।
ইফালে ৰাজু ফুকনেও ৰাজনৈতিক দলটোৰ হৈ কাম-কাজ কৰা বাবে অব্যাহতি লোৱা বুলি খবৰ ওলাইছে। বিশেষ সূত্ৰ খবৰ অনুসৰি নতুন ৰাজনৈতিক দলটো কামকাজ আগবঢ়াই নিয়া বাবে আৰু বহুকেইজন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে ত্যাগ কৰিব সংগঠন। উল্লেখ অহা ১৫ ছেপ্টেম্বৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব নতুন ৰাজনৈতিক দলটোৰ নাম।












