নিউজ ডেস্ক :
বলিউডত পুনৰ মৃত্যুৰ খবৰ। সন্তানহাৰা হ’ল অভিনেত্রী অনুৰাধা পড়োৱাল। গুচি গ’ল অনুৰাধাৰ পুত্ৰ আদিত্য। বয়স হৈছিল মাত্র ৩৫ বছৰ।
সূত্ৰৰ খবৰ মতে, কিছু দিন ধৰি কিডনি সংক্রান্ত জটিলতাত ভুগিছিল আদিত্য। ভর্তি হৈছিল হস্পিটেলতো। শনিবাৰে তাতেই মৃত্যু হয় তেওঁৰ।
আদিত্যৰ মৃত্যুৰ খবৰ প্রথমই জনায় সঙ্গীত পৰিচালক শঙ্কৰ মহাদেৱনে। তেওঁ লিখে, “খবৰটো শুনি ভাঙি পৰিছোঁ। আমাৰ প্রিয় আদিত্য আৰু নাই! কেনে অসম্ভৱ ভাল মানুহ আৰু দক্ষ মিউজিচিয়ান আছিল তেওঁ। দুদিন পূৰ্বেই তেওঁ প্রগ্ৰেমিং কৰা এটা গান গাইছিলোঁ। ভাই তোমাক বহুত ভালপাওঁ। মিছ কৰিম।”
মাতৃৰ দৰে আদিত্যৰ জীৱনো আছিল সঙ্গীতময়। পেছাত আছিল মিউজিক কম্পজাৰ। আৰম্ভ কৰিছিল বলিউড যাত্রাও। কিন্তু মাত্র ৩৫ বছৰতেই থমকি গ’ল জীৱন। থমকি গ’ল তেওঁৰ সুৰসাধনা।