মনোজ কুমাৰ পাঠক
লংকা : যি সময়ত ৰাজ্যৰ একাংশ ক’ভিড চেন্টাৰত নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ উঠিছে, সেই সময়ত লামডিং ৰে’লৱে চিকিৎসালয়ত থকা ক’ভিড কেয়াৰ কেন্দ্ৰত উচ্চমানৰ খাদ্য যোগানৰ বাবে প্ৰশংসিত হৈছে খাদ্য যোগানৰ দায়িত্বত থকা এটা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো লামডিং ফুদ পাৰ্টনাৰ ক্ৰিষ্টেল ৰেষ্টুৰেন্ট। এই প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰী মিষ্ঠু পালে ৰোগীসকলক দুপৰীয়া আৰু নৈশ আহাৰত পুষ্টিকৰ খাদ্য যোগান ধৰাৰ লগতে সন্ধিয়া নতুন নতুন জুতি যোগান ধৰি এক নিদৰ্শন দাঙি ধৰিছে হোজাই জিলাৰ লগতে নগাওঁ জিলাৰ ভিতৰতে ৷ মিষ্ঠু পালে প্ৰতিদিনে বুট-মগু-মাহৰ প্ৰসাদ, চেৱৈ, চাউমিন, এগ ৰ’ল, বিভিন্ন ধৰণৰ ফলমূল, কেলক্স কৰ্ণফ্লেকচকে ধৰি উন্নত মানৰ খাদ্য যোগান ধৰি আহিছে ৷
মিষ্ঠু পালে কয় যে- অসমৰ যুৱক হৈ আমি অসমৰ থলুৱা খাদ্যসমূহ অসমত প্ৰচাৰ কৰাৰ খুৱেই প্ৰয়োজন হৈ পৰিছে সেয়হে আজি ৰোগীসকলক অসমীয়া পিঠা-পনা যোগান ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ইপিনে লামডিং ৰে’লৱে হস্পিতেলৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ৰোগীৰ বাবে অসমীয়া পিঠা পনা যোগান ধৰিবলৈ ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ খাদ্য যোগানৰ দায়িত্বত থকা মিষ্ঠু পালে বটদ্ৰৱাৰ সৰুহিচাৰ তৰুনী বৰুৱা কলিতা আৰু ববিতা কলিতা নামৰ দুগৰাকী মহিলাৰ লগত যোগাযোগ কৰি ৰোগীক পিঠা-পনা আদি যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰে ৷ মিষ্ঠু পালৰ জড়িয়তে দুয়োগৰাকী মহিলাই লকডাউনৰ সময়ছোৱাত তিলৰ পিঠা কেটলী পিঠা আদি বিভিন্ন থলুৱা খাদ্য সামগ্ৰী প্ৰস্তুত কৰি আজি লামডিঙৰ ক’ভিড কেয়াৰ কেন্দ্ৰটোলৈ প্ৰেৰণ কৰে।
বটদ্ৰৱাৰ এই মহিলা দুগৰাকীয়ে পূৰ্বৰে পৰা অসমীয়া চহকী খাদ্য সম্ভাৰ প্ৰস্তুত কৰি ব্যৱসায় আৰম্ভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অসমীয়া সুস্বাদু লাডু পিঠাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে। বটদ্ৰৱাৰ মহিলা দুগৰাকী লগতে লামডিঙৰ মিষ্ঠু পালৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে ৷ সমগ্ৰ নগাঁও জিলাতেই লামডিঙ ক’ভিড কেয়াৰ চেন্টাৰত ব্যতিক্ৰম খাদ্য যোগান ধৰি মিষ্ঠু পালে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিলে ৷