মনোজ কুমাৰ পাঠক:
লংকা: দেওবাৰে হোজাইৰ যুগল কিশোৰ কেডিয়া ভৱনত হোজাই জিলা বিজেপিৰ এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি মত প্ৰকাশ কৰে।
তেওঁ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক কটাক্ষ কৰি কয় যে বিজেপি আৰু এআইইউডিএফৰ মিত্ৰতা হ’লেও অসমৰ বিভিন্ন জিলাৰ কংগ্ৰেছ আৰু এইউডিএফ সমষ্টিসমূহ সহজেই বিজেপিৰ হাতলৈ আহিব।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আছু আৰু এজেৱাইচিপিৰ দল বিজেপিৰ বাবে কোনো ফেক্টৰ নহয় বুলিয়েই মন্তব্য কৰি বিজেপিৰ সকলো বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড ভাল বুলি উল্লেখ কৰে ৷
এই কাৰ্যনিৰ্বাহক সভাত বিজেপি অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপৰিও উপ-সভাপতি জয়ন্তমল্ল বৰুৱা, হোজাই জিলাৰ বিধায়ক শিলাদিত্য দেব, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ তথা বিজেপিৰ বিষয়ববীয়া আৰু সদস্যসকলে অংশগ্ৰহণ কৰিছিল ৷