
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও : সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুতগতিত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে । এনে পৰিস্থিতিত মাস্ক পৰিধান কৰাটো চৰকাৰে বাধ্যতামূলক কৰাৰ লগতে মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহিবলৈকো নিৰ্দেশ দিয়ে। চৰকাৰৰ এনে নিৰ্দেশৰ ভিত্তিত আজি নগাঁৱৰ মৰিকলং আৰক্ষী পহৰা চকীৰ কণিষ্টবল ৰতন মুক্তিয়াৰে ৰাইজক মাস্ক পৰিধান কৰিবলৈ সকিয়ানী দিয়ে।
ইপিনে বাইকত অহা দুজন লোকক মাস্ক পৰিধান কৰিবলৈ কওঁতেই বাইক আৰোহী অজিত সিং নামৰ যুৱকজনে আৰক্ষী জোৱানজনক আক্ৰমণ কৰে। আনহাতে একাংশ কাণ্ডজ্ঞানহীন লোকেও অজিত সিঙৰ সৈতে হাত উজান দিয়ে । আক্ৰমণত আৰক্ষী জোৱান ৰতন মুক্তিয়াৰ গুৰুত্বৰভাৱে আহত হয়। আনহাতে এই ঘটনাত জড়িত অজিত সিঙক আৰক্ষীয়ে আটক কৰে ।












