দৈনিক সংক্রমণ হাজাৰৰো বহু তললৈ নমাৰ পিছত সেয়া একে কোবে পুনৰ চাৰে ১০ হাজাৰ চুইছে। হস্পিটেলত ভিৰ। ঠাই নাই আইচিইউত। পুনৰ ভাইৰাছৰ আক্ৰমণ ফ্রান্সত।
কেৱল মাত্ৰ ফ্ৰান্সেই নহয়, ইউৰোপৰ একাধিক দেশত দ্বিতীয় সংক্রমণ-ঢৌৰ আশঙ্কা কৰা হৈছে। অস্ট্রিয়া, ব্রিটেইনত চৰকাৰীভাবে সতর্ক কৰা হৈছে। বিপদ আঁতৰা বুলি ধৰি লাহে লাহে পুৰণি ৰূপলৈ উভতিছিল ইউৰোপ। চিকিৎসকসকলেও বাৰম্বাৰ কৈছিল, অনুগ্ৰহ কৰি কোনো সমাবেশ নকৰিব। তেওঁলোকে কয়, ‘‘গৰমৰ ছুটিত শেষবাৰ দেখা হৈছিল সকলোৰে। এইবাৰ আকৌ সতর্ক হোৱাৰ পাল। সংক্রমণ বাঢ়িছে। যিমান সৰু ঘৰ, যিমান বেছি লোক, যিমান কম বতাহ পাব, বিপদ সিমানে বিপদ বেছি।
উল্লেখযোগ্য যে ফ্রান্সত এই পর্যন্ত ৩০,৯১০ জনৰ মৃত্যু হৈছে কৰোনাত। বিশ্বৰ মৃত্যু-তালিকাত সেয়া সপ্তম। দেশখনৰ ৪২টা অঞ্চলক ৰেড জ’ন ঘোষণা কৰা হৈছে। ইয়াৰ মাজতেই আৰম্ভ হৈছে ট্যুৰ দ্য ফ্ৰান্স। স্পেইনতো দৈনিক সংক্রমণ ১০,৭৬৪ চুইছে।
অৱশ্যে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দাবী, পৰিস্থিতি নিয়ন্ত্রণতেই আছে। স্পেইনও মৃত্যু-তালিকাৰ প্রথম দহত আছে। স্পেইনৰ ১৪ বছৰীয়া প্রিন্সেছ লেনৰক কোৱাৰেন্টিনত পঠোৱা হৈছে। মাদ্রিদৰ এখন স্কুলত পঢ়ে তেওঁ। স্পেইনত স্কুল খুলি দিয়া হৈছে। সহপাঠী সংক্রমিত হোৱাত নজৰবন্দী ৰাজকন্যা।
ব্রিটেইনত পুনৰ সম্পূর্ণ লকডাউন জাৰি কৰাৰ কথা কৈছে বিশেষজ্ঞসকলে। ‘ইম্পেৰিয়েল কলেজ লন্ডন’ৰ পিটাৰ অপেনছে কয়, ‘‘দ্রুত ব্যৱস্থা ল’ব লাগিব। পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ গুচি গ’লে চম্ভালিব অসুবিধা হ’ব। সোমবাৰে লকডাউন থাকিব বুলি দেওবাৰে পার্টি কৰাটো নহ’ব।
এইটো কোনো খেলা নহয়।’’ কালিৰ পৰা নতুনকৈ কঠোৰতা জাৰি হৈছে ব্রিটেইন। ৬ জনৰ বেছি লোক এটা স্থানত লগ হ’লেই ১০০ পাউন্ড জৰিমনা। একেই অপৰাধ দ্বিতীয়বাৰ কৰিলে ৩২০০ পাউন্ড। সপ্তাহান্তত পার্টি কৰা ৰুধিবলৈ নমোৱা হৈছে আৰক্ষী বাহিনী। ব্রিটিছ প্রশাসনৰ বক্তব্য, সংক্রমণ ৩৬ শতাংশ বৃদ্ধি পাইছে এক সপ্তাহত।














