নিউজ ডেক্স:
ৰাজ্যত একাংশ দূষ্কীৰ্তিকাৰীৰ মুক্ত বিচৰণ। এইবাৰ তিনিচুকীয়াৰ কাকপথাৰ টঙনাৰ হুলুং লাইনত সংঘটিত হৈছে এক নাৰকীয় ঘটনা। তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী এগৰাকী শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল; ঘটনা সন্দৰ্ভত বৰ্তমান সমুখলৈ আহিছে যে ছাত্ৰীগৰাকীক তেওঁৰ ঘৰৰ ওচৰেৰে বাদনা গোৱালা নামৰ যুৱকজনে ফুচুলাই নি বলাৎকাৰ কৰি হত্যা কৰে।
ডুমডুমাৰ বনাঞ্চললৈ লৈ গৈ এই ঘটনা সংঘটিত কৰে যুৱকজনে। আৰক্ষীয়ে অভিযুক্তক সোধপোছ কৰাৰ সময়ত কিশোৰীগৰাকীক “মাৰি পেলাইছো” বুলি একাষাৰে স্বীকাৰুক্তি দিয়ে দুষ্কীৰ্তিকাৰী জনে।
বৰ্তমানেও কিশোৰী গৰাকীৰ কোনো শুংসূত্ৰ আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হোৱা নাই যদিও মুকেশ তাঁতী নামৰ এজন যুৱকৰ সৈতে লগ হৈ এই ঘটনা সংঘটিত কৰা বুলি ব্যক্ত কৰে অভিযুক্তই। উক্ত ঘটনাই বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি।












