ছাইদুল ইছলাম:
ডিফু : কাৰবি আংলঙৰ অসমীয়া সাহিত্য জগতত সংযোজন হ’ল এক তথ্য সম্বলিত আন এক মহান গ্ৰন্থ ৷ পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ বিশিষ্ট লেখক সাংবাদিক বৰছিং ৰংফাৰৰ জ্ঞান ভাণ্ডাৰৰ পৰা নিৰ্গত হোৱা “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস” দ্বিতীয় সংস্কৰণৰ এক তথ্য সম্বলিত ৭০০ পৃষ্ঠাজোৰা মূল্যৱান গ্ৰন্থ ৷ এই মহা মূল্যৱান গ্ৰন্থ সোমবাৰে ডিফু লৰুলাংছ’স্থিত ৰাংছিনা ছাৰপ’ কালচাৰেল হলত আনুষ্ঠানিকভাৱে উন্মোচন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
উল্লেখযোগ্য বৰছিং ৰংফাৰৰ দ্বাৰা ৰচিত “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস” ২০০৫ চনত প্ৰকাশিত প্ৰথম সংস্কৰণৰ সোৱাদ ইতিমধ্যে পাঠক সমাজে লাভ কৰিছে ৷ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণৰ একপিও বজাৰত নাই গোটেই কেইখন গ্ৰাহকে ক্ৰয় কৰিছে ৷
বিশিষ্ট সাংবাদিক, লেখক বৰছিং ৰংফাৰে সাংবাদিকৰ আগত কয় যে, গ্ৰন্থখনত জিলাখনৰ প্ৰাক্ স্বাধীনতাৰ পৰা স্বৰাজোত্তৰ কাললৈ কাৰবি আংলঙৰ ভৌগোলিক পৰিসীমা, কাৰবি সকলৰ ইংৰাজ মিচনাৰী সকলৰে সম্পৰ্ক, কাৰবি সকলৰ অসম আগমণ, কাৰবি জাতিৰ উত্থান-পতন, ৰাজনৈতিক ইতিহাস, নিৰ্বাচন কেন্দ্ৰিক ফলাফল, বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ এএছডিচিৰ উত্থান-পতন, বিজেপিৰ উত্থান ইউপিডিএছৰ বুজাবুজি চুক্তি, উগ্ৰপন্থীৰ উত্থান আৰু জিলাখনত কাৰবি জাতিৰ সৈতে সংঘটিত বিভিন্ন জনগোষ্ঠীৰ সংঘাত আদি বিষয়ৰ ওপৰত বৰছিং ৰংফাৰে তথ্য সম্বলিত ৰূপত আভাষ দাঙি ধৰিছে ৷ ২০১৫ চনত বৰছিং ৰংফাৰে “গোষ্ঠী সংঘাত আৰু কাৰবি আংলং” নামৰ আন এখন গ্ৰন্থ প্ৰকাশ কৰিছিল, এই গ্ৰন্থখনেও পাঠক সমাজত যথেষ্ঠ সমাদৰ লাভ কৰিছিল বুলি পাঠক সমাজে ইতিমধ্যে প্ৰমাণ কৰিছে ৷
ইয়াৰোপৰি ৰংফাৰে কয় যে, এই গ্ৰন্থখনৰ জৰিয়তে, নৱ প্ৰজন্ম, ইতিহাসৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰী, ৰাজনিতীবিদ, বুদ্ধিজীৱিসকল উপকৃত হ’ব পাৰিব ৷
আনহাতে অসমীয়া ভালদৰে পঢ়িব নোৱাৰা বুজি নোপোৱা পাঠক আৰু নৱ প্ৰজন্মৰ তাগিদাৰ বাবে অহা বছৰ “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস’ৰ ইংৰাজী সংস্কৰণ উলোৱাৰ বাবেও চিন্তা চৰ্চা কৰি আছে বুলি কয় ৰংফাৰে ৷ মুঠতে গ্ৰন্থখনে ডিজিটেল আৰু ছ’চিয়েল মেডিয়াৰ ঈৰ্শনীয় উত্থানৰ সমান্তৰালকৈ বৰছিং ৰংফাৰৰ জৰিয়তে ৰচিত গ্ৰন্থ প্ৰতি পাঠকৰ দৃষ্ঠি আশা কৰা ধৰণেই সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে৷
মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত কাৰবি আংলৰ সাহিত্য জগতত উপহাৰ হিচাপে “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস” নামৰ গ্ৰন্থখন আগবঢ়াই দিয়াৰ বাবে উচ্চ প্ৰশংসা কৰে ৷ তেওঁ কয় যে জিলাখনত গ্ৰন্থ ৰচনা কৰা লেখকসকলৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ তেওঁ সদা প্ৰস্তুত ৷
লেখকসকলে লেখাৰ বিষয়বস্তুসমূহ যুগুত কৰি ওলোৱাৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদক এখন দৰ্খাস্থ বা মুখ্য কাৰ্যবাহী সদস্যগৰাকীক হুৱাটছএপত মেচেজ প্ৰেৰণ কৰিলেও গ্ৰন্থ প্ৰকাশৰ প্ৰয়োজনীয় ধন তেওঁ প্ৰদান কৰিব বুলি আশ্বাস দিয়ে ৷
ইয়াৰোপৰি জিলাখনৰ বিশিষ্ট লেখক সাহিত্যিক পৱিত্ৰ বৰাই কয় যে, ইংৰাজ শাসনৰ দিনৰ এডৱাৰ্ড ষ্টেড আৰু চাৰ্ছ লায়েলৰ দিনৰ পৰাই কাৰবিসকলকলৈ লেখা-মেলা চলি আহিছে ৷ শেহতীয়াকৈ বিশিষ্ট লেখক সাংবাদিক বৰছিং ৰংফাৰে ৰচনা কৰা “কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস” পাহাৰীয়া জিলাখনৰ বাবে দস্তাৱেজ ৰূপে গণ্য কৰা হ’ব ৷
এই গ্ৰন্থখনৰ পৰা গৱেষক, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব বুলি মন্তব্য কৰে ৷ বিশিষ্ট লেখক, সাহিত্যিক পৱিত্ৰ বৰাই পৌৰুহিত্য কৰা সভাখনত ক্ৰমে, কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম, ৰংহাঙ, সাংসদ হৰেণছিং বে’, বিশিষ্ট লেখক, প্ৰাক্তন বিধায়ক ধনছিং টেৰণ আৰু পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে ৷