
নগাঁও : কোভিড-১৯ত আক্ৰান্ত হৈ নগাঁৱত কালি নিশা এজন ৰোগীৰ মৃত্যু ঘটে । মৃত ৰোগীজন জিলাখনৰ বৰজহা অঞ্চলৰ হেমকান্ত শৰ্মা (৬৫) বুলি স্বাস্থ্য বিভাগৰ সূত্রৰ পৰা জানিব পৰা গৈছে । কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা শৰ্মা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে শৰ্মাৰ মৃত্যু ঘটে বুলি নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্রই জানিবলৈ দিয়ে।
ইপিনে নগাঁও জিলাত বৰ্তমানলৈকে কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৭৭৩ জনলৈ বৃদ্ধি পায়। ইয়াৰ ভিতৰত যথেষ্ট সংখ্যক ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰে। আজি জিলাখনত নতুনকৈ ৮০ গৰাকী ব্যক্তি কোভিড-১৯ আক্ৰান্ত হোৱা তথ্য পোহৰলৈ আহিছে।












