
অজন্তা তালুকদাৰ
বোকাখাত : অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চুতীয়া জনগোষ্ঠীৰ এখন সভা বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ আলোচনা কক্ষত ১৪ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায়। বোকাখাত জিলা চুতীয়া জাতি সন্মিলন, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, চুতীয়া জাতিৰ বোকাখাত জিলা মহিলা সন্মিলন, বোকাখাত যুৱ সন্মিলনৰ সামূহিক উদ্যোগত অতুল হাজৰিকাৰ সভাপতিত্বত চুতীয়া জনগোষ্ঠীৰ এখনি ৰাজনৈতিক সচেতনতা সভা অনুষ্ঠিত হৈ যায়। সভাত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সম্পাদকদ্বয় ক্ৰমে ললিত শইকীয়া আৰু ৰুবুল বৰা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
সভাত সৰ্বসন্মতি ক্ৰমে “চুতীয়া জনগোষ্ঠীৰ ৰাজনৈতিক সুৰক্ষা মঞ্চ” গঠন কৰা প্ৰস্তাৱ গ্ৰহণ কৰে। বিশিষ্ট ব্যক্তিৰ ভাষণত অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী, যুৱ সন্মিলনৰ পৰাগ শইকীয়া, গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতি, মহিলা সন্মিলনৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া, সন্মিলনৰ অন্যতম সম্পাদক দিলীপ চুতীয়া, দেউৰী চুতীয়া সাহিত্য সভাৰ সম্পাদক যতীন শইকীয়াই বক্তব্য আগবঢ়ায়। সভাৰ আঁত আৰু উদ্দেশ্য ব্যাখ্যা বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰশান্ত শইকীয়াই।












