নিউজ ডেক্স:
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জন্ম হোৱা ‘অসম জাতীয় পৰিষদ’ত থাকিব নেকি অভিনেত্ৰী বৰষাৰাণী বিষয়া।গুৱাহাটীৰ প্ৰেছ ক্লাৱত সাংবাদিকৰ এক প্ৰশ্নত কা’ বিৰোধী অভিনেত্ৰী বৰষাই নিজৰ প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া।
“প্ৰত্যক্ষ ৰাজনীতি লগত জড়িত নহওঁ বুলি কৈছে।মই এগৰাকীৰ সংস্কৃতিৰ সাধক।সংস্কৃতিৰ লগতে জীৱনটো কটাম বুলি এই মুহূৰ্তলৈ ভাবিছোঁ।গতিকে তাতে থাকিম”- বৰষাই কয়।প্ৰতিজন ভোটাৰৰ ৰাজনৈতিক সজাগতা থকাটো অতি প্ৰয়োজন।আজি জাতিৰ সংকটত।২০২১ চনত জাতিৰ পৰীক্ষা।জাতিৰ জিকিব নে হাৰিব সেইয়া খিলঞ্জীয়া অসমীয়া ওপৰত নিৰ্ভৰ কৰিব।লগতে তেওঁ কয়।
উল্লেখ কা’ বিৰোধীৰ আন্দোলনত শিল্পী সমাজৰ হৈ অভিনেত্ৰী গৰাকীয়ে বলিষ্ঠ কণ্ঠস্বৰে ৰাইজক মোহিত কৰিছিল।তাৰ পৰৱৰ্তী সময়ত একাংশ কা’ সমৰ্থনকাৰীয়ে সামাজিক মাধ্যমত অভিনেত্ৰী গৰাকীক ৰাজনীতিত যাব বুলি ভুৱা প্ৰচাৰ কৰিছিল তাৰ পাছতে বিভিন্ন সময়ত ৰাজনীতিত জড়িত নোহোৱা কথা স্পষ্টকৈ প্ৰকাশ কৰি আহিছিল।
“অসম জাতীয় পৰিষদ’ৰ সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয়- জাতিৰ হকে কাম কৰিম বুলি নতুন দলটো জন্ম হৈছে।এইটো এটা ভাল খবৰ।ভৱিষ্যতে কি হয় দেখা যাওঁক।
দলটোক লৈ আশাবাদী নে বুলি অভিনেত্ৰী গৰাকীক প্ৰশ্ন কৰাত তেওঁ কয়- আমি আশা এৰি দিব নোৱাৰো।অসমীয়া খিলঞ্জীয়া সকলোৱে এটাই আশা জাতি, ভাষা, সংস্কৃতিৰ অস্তিত্ব সুৰক্ষা হ’ব লাগে।নতুন আহিব, আহিছে আমি আদৰি লৈ থাকোঁ।ভৱিষ্যতে তাৰ কি ফলাফল হয় দেখা যাব”।
অভিনেত্ৰী বৰষালৈ ৰাজনৈতিক দলতো পৰা যোগাযোগ হৈছিল নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় সকলোৱে লগত ভাল যোগাযোগ থাকে।প্ৰত্যক্ষ ৰাজনীতিত জড়িত হ’বলৈ বৰ্তমান মুহূৰ্তত মানসিক ভাৱে মই প্ৰস্তুত নহয়”।
নৱপ্ৰজন্মৰ ভোটাৰ তথা আমাক ধৰ্ম, আঁঠুৱা, কম্বলৰ ঊৰ্ধত ৰাজনীতি লাগে।লাগে প্ৰগতি আৰু জাতিৰ সুৰক্ষা- অভিনেত্ৰী গৰাকীয়ে কয়।