বিশেষ প্ৰতিবেদন
অসমত নতুনকৈ জন্ম হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদক লৈ ৰাইজৰ মাজত বিভিন্ন কাৰকে দেখা দিছে৷ ৰাজ্যৰ জনসাধাৰণৰ মনত দলটোৱে কি দৰে ক্ৰিয়া কৰিছে সেই কথা সম্প্ৰতি পোহৰলৈ অহা নাই যদিও ৰাজনৈতিক মহলত তীব্ৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷
এক সূত্ৰৰ মতে বৰ্তমানে অসম গণ পৰিষদ আৰু বিজেপিত থকা বহু ৰাজনৈতিক ব্যক্তিয়ে নতুন দলটোত যোগ দিয়াৰ সম্ভাৱনা আছে৷ বিশেষকৈ শাসনাধিষ্ঠিত বিজেপি আৰু মিত্ৰ অসম গণ পৰিষদৰ কেইবাজনো বিধায়কে অসম জাতীয় দলত যোগ দিয়াৰ সম্ভাৱনা আছে৷ ইয়াক লৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চি অব্যাহত আছে৷
যদি প্ৰকৃততে একাংশই নতুন আঞ্চলিক দলটোত যোগ দিয়ে তেতিয়া অসম গণ পৰিষদৰ বিপুল ক্ষতি হোৱাৰ সম্ভাৱনা নথকাটো নুই কৰিব নোৱাৰি৷ তদুপৰি বিজেপিকো বহুল পৰিমাণে ক্ষতি কৰিব৷ উল্লেখ্য যে নতুন আঞ্চলিক দলটো জন্ম হোৱাৰ আগৰে পৰা ৰাজ্যৰ একাংশই মন্তব্য কৰিবলৈ এৰা নাই৷ আনকি শাসনত থকা বিজেপিয়েও নতুন ৰাজনৈতিক দলটোক সমালোচনা কৰিবলৈ এৰা নাই৷
দলটো ভূমিস্থ হোৱাৰ আগৰে পৰা যি দৰে সমালোচনাৰ সন্মুখীন হৈছে তাৰ পৰা এই কথা প্ৰতিয়মান হয় যে এই নতুন দলটোক শাসনৰ গাডীত থকাসকলে ভয় কৰি আছে৷ মূলত ২০২১ চনত হ’বলগা অসম বিধান সভাৰ নিৰ্বাচন তিনিকোণীয়া হোৱাটো নিশ্চিত হৈ পৰিল৷ বিজেপি, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত এইবাৰ নিৰ্বাচনী যুঁজ হোৱাটো নিশ্চিত৷
ইয়াৰ লগে লগে অসমৰ ৰাজনৈতিক পট পৰিবৰ্তন হোৱাটো স্বাভাৱিক হৈ পৰিল৷ মন কৰিব লগা যে নতুন ৰাজনৈতিক দলটোৱে অসমৰ একাংশ লোকৰ পৰা সমৰ্থন লাভ কৰাটো নিশ্চিত৷ কাৰণ কংগ্ৰেছ বিৰোধী ঢৌ অসমত এতিয়াও অব্যাহত আছে৷ তদুপৰি বিজেপিৰ প্ৰতি বহু লোকৰ মোহ ভংগ হৈছে৷ ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা এতিয়াও অটুট আছে৷
অসমৰ বহু লোকে আজিও প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী লৈ আছে৷ ফলত ৰাজ্যখনত বিজেপিয়ে আশানুৰূপ সঁহাৰি পোৱাৰ আশা আছে৷ এই সকলো দিশ বিশ্লেষণ কৰি এইবাৰ নিৰ্বাচনত কোন দলে কি গতি লাভ কৰিব সেই কথা আগতীয়াকৈ ক’ব পৰা অৱস্থাত নাই৷