
অসম চুক্তি ছয় নং দফা কমিটিয়ে প্ৰতিবেদন দাখিল কৰা প্ৰায় ছয় মাহ সম্পূৰ্ন হল।আজিও দিল্লী গৈ নাপালে কমিটি প্ৰতিবেদন।অসম চৰকাৰে দিছপুৰতে পেলাই থলে অসম চুক্তি আত্মা আখ্যা দিয়া ছয় নং দফা উচ্চস্তৰীয় কমিটি প্ৰতিবেদন।ৰাজ্যসভা মজিয়াত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে এই বিস্ফোৰণ তথ্য।
ৰাজ্যসভা সাংসদ সম্ভাজে সত্ত্বপতিয়ে কৰা এক প্ৰশ্নত গৃহমন্ত্ৰনালয়ে প্ৰদান কৰিছে এই উত্তৰ।কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰা নাই ৬নং দফা কমিটিৰ প্ৰতিবেদন।
উল্লেখ অসমবাসীক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰিব বুলি কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰম মিথ্যাচাৰ পাছতে ৰাজ্যজুৰী আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। দাৰি, কমাসহ কাৰ্যকৰী কৰা প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰৰ মিথ্যাচাৰত ৰাজ্যজুৰি দল সংগঠনে প্ৰকাশ কৰিছে ক্ষোভ।
গুৰুত্বপূৰ্ণ কথা এই যে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিয়ে ফেব্ৰুৱাৰী মাহতে অসম চৰকাৰৰ হাতত অৰ্পণ কৰিছিল প্ৰতিবেদন।তাৰ পাছতো বিগত ৫ মাহ কোনো ফলাফল লাভ নকৰাত সদৌ অসম ছাত্ৰ সন্থাই যোৱা আগষ্ট মাহত ৰাজহুৱা কৰিছিল কমিটিৰ প্ৰতিবেদন।প্ৰতিবেদন ৰাজহুৱা কৰা পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছু কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল।












