অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ ৰজাবাৰীত আজি সন্ধিয়া সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ এজন লোক নিহত আৰু এজন গুৰুতৰভাবে আহত হয়। কমাৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত তামুলী পথাৰ বৰুৱা গাৱঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল গগৈৰ একমাত্ৰ সন্তান প্ৰিয়াংক গগৈ (৩৮) আৰু বোৱাৰী পূৰৱী গগৈ জখলাবন্ধাৰ পৰা কমাৰগাঁও অভিমুখে আহি থকা অৱস্থাত বোকাখাত থানাৰ অন্তৰ্গত ৰজাবাৰীত এক শোকাবহ দুৰ্ঘটনাত পতিত হয়। যোৰহাটৰ পৰা বোকাখাত অভিমুখে আহি থকা ডব্লিউ বি ৮৯-২১১১ নং এখন গধুৰ মাল-বোজাই ট্ৰাক নিয়ন্ত্ৰণৰ বাহিৰ হৈ তেওঁলোকৰ এ এচ ০৩ ভি- ৮০১৮ টাটা টিগৰ গাড়ীখনৰ ওপৰত বাগৰি পৰে। ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘণ্টা জুৰি চলোৱা স্থানীয় লোক, আৰক্ষী আৰু যান-বাহন আৰক্ষীৰ প্ৰচেষ্টাত কেৱল শিক্ষয়িত্ৰী পূৰৱী গগৈক কোনোমতে বাহিৰ কৰি বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে ৰজাবাৰীৰ স্থানীয় বাসিন্দা অকনি তামুলীও মটৰ চাইকেলেৰে একে সময়তে উক্ত দুৰ্ঘটনাত সামান্য পতিত হয় যদিও তেওঁ কথমপি প্ৰাণ ৰক্ষা কৰি আঁতৰি আহিবলৈ সক্ষম হয় । মৃত প্ৰিয়াংক গগৈ এগৰাকী ব্যৱসায়ী হোৱাৰ লগতে কমাৰগাঁও গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ বিষয়-বাবত আছিল আৰু চলিত বৰ্ষৰ বিগত ফেব্ৰুৱাৰী মাহত কমাৰগাঁৱত অনুষ্ঠিত হৈ যোৱা ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিৱেশনৰ পৰিবহণ বিভাগৰ সম্পদকৰো দায়িত্বত আছিল।
বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ দায়িত্বত থকা সৰবৰহী যুৱ-কৰ্মীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত কমাৰগাঁৱৰ লগতে সমগ্ৰ মহকুমাটোতে শোকৰ ছাঁ পৰিছে। প্ৰিয়াংক গগৈয়ে মৃত্যুৰ সময়ত পত্নী পূৰৱী গগৈ, ১৩ বছৰীয়া একমাত্ৰ পুত্ৰ সন্তান, পিতৃ-মাতৃৰ লগতে বহুসংখ্যক গুণমুগ্ধক এৰি থৈ গৈছে।