স্পৰ্টছ ডেস্কঃ
শনিবাৰৰ পৰা আৰম্ভ হ’ব বহু প্রতীক্ষিত আইপিএল। বেট-বলৰ এই ৰোমাঞ্চকৰ ক্রিকেট যুদ্ধত বিশ্ব ক্ৰিকেটৰ যোদ্ধাসকলৰ খেল উপভোগৰ অপেক্ষাত এতিয়া ক্রিকেট বিশ্ব।
অৱশ্যে এইবাৰৰ আইপিএলত গ্লেমাৰ আৰু বিনোদনৰ সংমিশ্ৰণ নাই। কৰোনাৰ বাবেই যেন স্তিমিত হ’ব এইবাৰৰ আইপিএলৰ সোন্দৰ্য৷ কিন্তু আইপিএলৰ সৌন্দৰ্য আৰু খেলৰ মাদজকতা কিছুহ’লেও পূৰণ কৰিবলৈ চেষ্টা কৰিছে আইপিএল কৰ্তৃপক্ষই৷ তাৰবাবেই এইবাৰ বিশ্ব বিখ্যাত স্প’র্টছ এংকৰ অষ্ট্ৰেলিয়াৰ নেৰোলি মেডোজক আইপিএলত অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে আইপিএলত এংকৰিং কৰি আহিছে ক্ৰিকেটাৰ ষ্টুৱাৰ্ট বিন্নীৰ পত্নী মায়ান্তি লেংগাৰে৷ এতিয়া মায়ান্তিৰ লগত নেৰোলি মেডোজৰ যুটিয়ে আইপিএলৰ আনন্দ আৰু বিনোদন বৃদ্ধি কৰিব বুলিয়েই সকলো আশাবাদী।
স্প’র্টছ এংকৰ হিচাবে বিশ্ব বিখ্যাত নেৰোলি মেডোজ যোৱা বছৰলৈ ফক্স স্প’র্টছৰ সৈতে চুক্তিবদ্ধ আছিল। নিঃসন্দেহে নেৰোলিৰ ৰূপ আৰু গুণৰ লগতে মিঠা হাঁহি আৰু কথন ভংগীত আপ্লুত হ’ব ক্রীড়াপ্রেমী। উল্লেখ্য যে দীর্ঘ সময় ধৰি বিভিন্ন ক্রিকেট টুর্নামেন্টৰ লগতে ফুটবল, টেনিছ, ৰাগবি আদিতো এংকৰিং কৰি আহিছে নেৰোলি মেডোজে। তেওঁৰ খেল সঞ্চালনাৰ সাৱলীল দক্ষতাই প্রমাণ কৰে তেওঁৰ জ্ঞানৰ পৰিসৰ।
উল্লেখ্য যে ২০১৯ৰ ক্রিকেট বিশ্বকাপতো এংকৰৰ দায়িত্বত আছিল মেডোজ। বিশ্ব ক্ৰীড়া ক্ষেত্ৰত এংকৰিঙৰ ভূমিকাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অষ্ট্ৰেলিয়াৰ এঙ্কৰগৰাকীয়ে এইবাৰ আইপিএলৰ সুযোগ পোৱাত অত্যন্ত সুখী৷ এইবাৰৰ আইপিএলত মায়ান্তি-নেৰোলি যুটিৰ এংকৰিং উপভোগ কৰাৰ অপেক্ষাত ক্রিকেট বিশ্ব।