নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২০৭৪ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২০৭৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৬০২৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৫০৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৪১ গৰাকী ৰোগী কামৰূপ(ম)ৰ,২০৭ গৰাকী লখিমপুৰৰ, ১৬২গৰাকী যোৰহাটৰ,১৯৭গৰাকী গোলাঘাটৰ৷ আক্ৰান্তৰ হাৰ ৬.৯৬ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫২৮৫৮ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮৬৩১ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,২৩৬৮৪ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৫৪০ গৰাকীলৈ বৃদ্ধি পালে।
📌 Discharge Alert
2⃣0⃣7⃣4⃣ patients discharged today
Please take good care of your health. Eat well and rest well. Best wishes to all recovered patients 💐#StaySafeStayHealthy
😊Total Discharged Patients: 123684
😑Active Patients: 2863111:40 PM/Sept 18#AssamFightsCovid pic.twitter.com/yiiaU2mPLu
— Himanta Biswa Sarma (@himantabiswa) September 18, 2020