ডিফু : কার্বি আংলং জিলাৰ অন্তর্গত অসম-নাগালেণ্ড সীমান্তৱর্তী দলদলি সংৰক্ষিত বনাঞ্চলৰ মাটি নগাক গতাই দিয়াৰ অভিযোগ তুলি বিভিন্ন দল-সংগঠনে বিগত সময়ছোৱাত উত্থাপন কৰা অভিযোগ প্রতি অভিযোগৰ প্রসংগক কেন্দ্র কৰি শেহতীয়াকৈ পাহাৰীয়া জিলাখনৰ পৰিৱেশ উত্তাল হৈ থকাৰ সময়তে আজি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত এক বিশেষ জৰুৰী সভাৰ আহ্বান কৰা হয়। জিলাখনৰ প্রায়সমূহ ৰাজনৈতিক দল, ছাত্র সংগঠন, বিভিন্ন সামাজিক সংগঠন, দুয়োখন কার্বি আংলঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি গুৰুত্বপূর্ণ এক সভা অনুষ্ঠিত কৰা হয়।
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৌৰোহিত্যত আজি দিনৰ এঘাৰ বজাৰ পৰা বিয়লি তিনি বজা পর্যন্ত পৰিষদৰ নবনিৰ্মিত ভৱনৰ আলোচনাকক্ষত অনুষ্ঠিত হোৱা সভাখনত পাহাৰীয়া জিলা দুখনৰ বহু বিতর্কিত সীমা সমস্যা সন্দর্ভত বিস্তৃতভাবে আলোচনা কৰা হয়। সভাৰ অন্তত বিয়লি পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে এক সংবাদমেলৰ আয়োজন কৰি আজি পৰিষদৰ আলোচনাকক্ষত হোৱা আলোচনা সন্দর্ভত অৱগত কৰে। সভাত প্ৰায় অধিকাংশ প্ৰতিনিধিয়ে ক’লে ১৯৫১ চনতে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা যোগে নিৰ্দ্ধাৰিত কৰি দিয়া কাৰবি আংলঙৰ সীমাৰ এক ইঞ্চিও লৰচৰ নকৰাৰ সন্দৰ্ভত মত পোষণ কৰে ৷
আজিৰ সৰ্বদলীয় সভাত অৱশ্যে জিলা কংগ্ৰেছৰ পৰা কোনো প্ৰতিনিধি উপস্থিত নাছিল ৷ মুখ্য কার্যবাহীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, আজিৰ সভাত সীমা সমস্যা সন্দর্ভত বিস্তৃত আলোচনাৰ অন্তত চাৰিটা গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰা হয়। সীমা সমস্যাৰ দৰে সম্পর্কীয় এক স্পর্শকাতৰ বিষয় সন্দর্ভত পৰিষদৰ মুখ্য কার্যবাহীগৰাকীয়ে আজি আয়োজন কৰা উক্ত সভাৰ বাবে এক ধন্যবাদ
প্রস্তাৱ গ্রহণ কৰাৰ লগতে ৰাজহ বিভাগৰ উদ্যোগত আৰক্ষী আৰু প্রশাসনক অন্তর্ভুক্তিৰে সীমা সমস্যা সমাধানৰ বাবে এক ষ্টোণ্ডিং সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়।
লগতে, সকলো ৰাজনৈতিক দল, ছাত্র সংগঠন, বিভিন্ন সামাজিক সংগঠন, বিশিষ্ট ব্যক্তিসকলক লৈ পৰিষদৰ উদ্যোগত এখনি পৰামর্শদাতা সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। সীমান্ত এলেকাৰ এক ইঞ্চি মাটিও বেদখলকাৰীৰ বাবে এৰি দিয়া নহ’ব বুলি সভাই প্রস্তাৱ গ্রহণ কৰে। লগতে, দলদলি সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্র সংৰক্ষণৰ বাবে বন বিভাগৰ প্রস্তাৱ অনুসৰি, পৰৱতী পাঁচ বছৰৰ বাবে উক্ত এলেকাত বনানীকৰণৰ বাবে পৰিষদে ৬,২৯,৬০,০০०० টকা মোকলাই দিছে।
আনহাতে, সীমান্ত এলেকাত নগালোকে এক পথ নির্মাণ কৰা বুলি বিভিন্ন দল সংগঠনে বিগত সময়ছোৱাত উত্থাপন কৰি অহা অভিযোগ খণ্ডন কৰি মুখ্য কার্যবাহীগবাকীয়ে বন সুৰক্ষাব সুবিধাৰ বাবে বন বিভাগৰ উদ্যোগতহে এই পথ নির্মাণ কৰা বুলি মন্তব্য কৰে। আজিৰ এই গুৰুত্বপূর্ণ সভাখনত সাংসদ হৰেণছিং বে, পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি,পৰিষদৰ কার্যবাহী সদস্যসকল, পৰিষদীয় সদস্য, পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য ক্রমে ডাঃ জয়ন্ত ৰংপি, মজাৰি হাঞ্চে, জৎচন বে, বিদ্যাছিং ইংলেং, চি পি আই (এমএল) দলৰ দুয়োখন কার্বি আংলঙৰ সভাপতি-সম্পাদক, দুয়োখন জিলাৰ ডিচি, এছ পি, কাৰ্বি ছাত্র সন্থা, কে এছবাই চি, কাঞ্চাছড়িকম, কে আৰ এ, কে এ আৰ এছ এ, কে এফ এ, কে চি এছ, ডি এছ ইউ, উইমেন জা্টিচ ফৰাম, হিলছ ট্ৰাইবেল লীগ, জাকাছ, ইউ পি ডি এছ, কে এল এন এল এফ, এইচ এছ ডি চি আদি দল সংগঠনৰ নেতুবর্গ উপস্থিত থাকে।
প্রসংগক্রমে উল্লেখযোগ্য যে, সীমান্ত বেদখলৰ বিষয়ক কেন্দ্র কৰি বিভিন্ন পক্ষৰ বিপৰীত স্থিতিয়ে শেহতীয়াকৈ উত্তপ্ত কৰি ৰাখিছে পাহাৰীয়া জিলাখনৰ সামগ্রিক পৰিৱেশ। এনে এক পৰিস্থিতিত আজি পৰিষদৰ উদ্যোগত আয়োজন কৰা এই আলোচনা সভা বিশেষ গুৰুত্বপূর্ণ বিবেচিত হৈছে ৷