মনোজ কুমাৰ পাঠক
লংকা : লংকাৰ ২নং কাকীৰ কাচধৰা গাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। মণ্টু দাসে পত্নী সংগীতা দাসক বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰি বিচনাতেই পেলাই থৈ যায়। ঘটনাৰ পাছৰে পৰা পলাতক হত্যাকাৰী স্বামী মণ্টু দাস। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পাৰিবাৰিক কন্দলৰ বাবে হত্যাকাণ্ডটো হোৱা বুলি সন্দেহ স্হানীয় ৰাইজৰ।