নিউজ ডেক্স:
১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ অমৰ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। ভাৰতৰ স্বাধীনতা আন্দোলনত দেশমাতৃৰ বাবে এই দুগৰাকী অসম মাতৃৰ বীৰ সন্তানে বুকু পাতি লৈছিল ব্ৰিটিছ আৰক্ষীৰ গুলী। গহপুৰ থানাত ১৯৪২ৰ ২০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈ দেশমাতৃৰ বাবে মৃত্যুবৰণ কৰিছিল এই দুই বীৰ সন্তানে।
স্বাধীনতা সংগ্ৰামত অসমৰ বীৰ সন্তানসকলৰ অৱদান উল্লেখযোগ্য। তাৰ ভিতৰত কনকলতা আৰু মুকুন্দ কাকতিৰ অৱদান উল্লেখযোগ্য। মৃত্যু বাহিনীৰ সদস্য কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে গাঁওবাসীৰ সহযোগত সমদল উলিয়াই গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে আগবাঢ়িছিল। হাতত জাতীয় পতাকা লৈ নেতৃত্ব দিছিল বীৰাংগনা কনকলতাই।
ব্ৰিটিছ আৰক্ষীয়ে বাধা প্ৰদান কৰা সত্বেও আগবাঢ়িছিল সমদল। তেনেতে বৃটিছ আৰক্ষীৰ গুলীয়ে বুকু ভেদ কৰি যায় কনকলতাৰ। লগে লগে হাতৰ পতাকা মাটিত পৰাৰ আগতে তুলি লৈ আগবাঢ়ি যায় মুকুন্দ কাকতি। নিৰ্দয় আৰক্ষীৰ গুলীয়ে পুনৰ বুকু ভেদি যায় মুকুন্দ কাকতিৰো। এনেদৰেই অসম মাতৃৰ এই দুগৰাকী বীৰ সন্তানে দেশমাতৃৰ বাবে বলিদান দি ইতিহাসৰ পাতত জিলিকি আছে। আজি তেওঁলোকৰ মৃত্যু তিথিত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে এই দুই স্বাধীনতা সংগ্ৰামীক।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও আজিৰ এই মৃত্যু তিথিৰ দিনা শ্ৰদ্ধাঞ্জলি জনাইছে কনকলতা, মুকুন্দ কাকতিৰ লগতে স্বাধীনতা সংগ্ৰামীসকলক। এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, “১৯৪২ৰ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননীকে ধৰি মহান বীৰ-বীৰাঙ্গনাসকলে ত্যাগেৰে যুগমীয়া ইতিহাস ৰচি থৈ গৈছে। ২০ ছেপ্টেম্বৰৰ সেই ঐতিহাসিক দিনটোত বীৰদৰ্পে প্ৰাণ আহুতি দিয়া অসমৰ প্ৰতিগৰাকী শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।”