নিউজ ডেক্স:
আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল অসমীয়া “ৰকষ্টাৰ” জয়ন্ত হাজৰিকাই। অসমীয়া সংগীত ক্ষেত্ৰখনক চহকী কৰা একেধাৰে গায়ক, সুৰকাৰ, সংগীত পৰিচালক, গীতিকাৰ জয়ন্ত হাজৰিকা যদিও কেৱল ৩৪ বছৰ জীয়াই আছিল; তৎস্বত্বেও তেওঁ নিজ জীৱনকালত অসমীয়া শ্ৰোতা-জনসাধাৰণৰ বাবে কৰা সৃষ্টি সমূহ আজিও লেখত ল’বলগীয়া।
তেওঁৰ সৃষ্টিত অন্তৰ্ভূক্ত নৱপ্ৰজন্ম। এই মহান শিল্পীগৰাকীৰ দেওবাৰে ৭৭সংখ্যক জন্মদিন উপলক্ষে চানমাৰিত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
চানমাৰিস্থিত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলি জনাই অনেক গুণমুগ্ধই৷ অনুষ্ঠানত মনীষা হাজৰিকাই তেওঁৰ জীৱন তথা কৰ্মৰাজি সন্দৰ্ভত বাখ্যা আগবঢ়ায়।
এই মহান শিল্পী গৰাকীৰ সৃষ্টিৰাজি সংৰক্ষণ কৰা ক্ষেত্ৰতো ব্যক্তিগত প্ৰচেষ্টা গ্ৰহণ কৰা কথা জানিবলৈ দিয়ে মনীষা হাজৰিকাই।অনুষ্ঠানত অনিন্দিতা পালকে ধৰি ভালেকেইগৰাকী শিল্পী উপস্থিত থাকি ৰাণাদাৰ গীত পৰিৱেশন কৰে৷