লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিং-লংকা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভংয়কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত এজন থিতাতে নিহত হোৱাৰ লগতে আহত হয় ১০জন।
এএছ২৫বিচি ২৬০৬ নম্বৰৰ জেনন পিক-আপ ভানখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত থিতাতে নিহত হয় ডবকা মদাৰতলিৰ চাৰিকুল ইছলাম।
আনফালে অতি গুৰুতৰভাৱে আহত হয় দহজন লোক। জানিব পৰা মতে, লামডিঙ লংকা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কামত নিয়োজিত আছিল এই লোক কেইজন।
ঘটনাৰ বিবৰণী মতে, শনিবাৰে সন্ধিয়া লামডিঙৰ পৰা পানী নিবলৈ আহি থকা অৱস্থাতে চালকৰ অতপালিৰ বাবে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। আহত ব্যক্তিসকল হৈছে ডবকাৰ আনোৱাৰ হুছেইন, এমডি চকিৰ হুছেইন, মিৰজ আলী, চাৰিফউদ্দিন, চিৰাজুল ইছলাম, আজিম উদ্দিন, বদ্দিত জামাল, চফিকুল ইছলাম আৰু আব্দুল চুবান। আটাইকেইগৰাকীকে সংকটজনক অৱস্থাত লামডিঙ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।
ইফালে নিহত চাৰিকুল ইছলামৰ মৃতদেহ লামডিঙ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সংঘটিত কৰিয়ে বাহনখনৰ চালকে পলায়ন কৰে।