লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ গাতে লাগি থকা লামডিং বনাঞ্চলখন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সস্তম হৈ পৰিছে লংকা বনবিভাগ। দেওবাৰে পুৱা লংকা আঞ্চলিক বন বিভাগৰ এটি দলে বিশেষ সূত্ৰৰ পম খেদি লংকাৰ কাকী ডিফলুত অভিযান চলাই জব্দ কৰে এটা অবৈধ কাঠ ফলা মিলসহ বহু পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা। জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৭০ৰ পৰা ৮০ হাজাৰ টকা।
বৰ্তমান অবৈধ কাঠ ফলা মিলটো খুলি বন বিষয়াৰ কাৰ্যালয়লৈ লৈ অহাৰ ব্যৱস্হা কৰিছে বনবিভাগৰ লোকে। উক্ত অভিযান কালত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম নহ’ল লংকা বন বিভাগ। উল্লেখ্য যে, কাকীৰ ডিফলুত থকা উক্ত অবৈধ কাঠফলা মিলটোৰ স্বতাধিকাৰীৰ নাম পুষ্প বৰা। পুষ্প বৰাৰ বিৰুদ্ধে বনবিভাগৰ ফালৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি লংকা আঞ্চলিক বন বিষয়াই জানিবলৈ দিয়ে।