ডিফু : আজি অসম আৰক্ষীয়ে বোকাজানৰ অসম নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বোকাজানৰ খটখটী আৰক্ষীয়ে ডিমাপুৰ অভিমুখে নি থকা অৱস্থাত এখন gypsy গাড়ীৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা।
উল্লেখযোগ্য যে, একাংশ অসাধু ব্যৱসায়ীয়ে বিভিন্ন সময়ত চোৰাংভাৱে অব্যাহত ৰাখিছে অবৈধ সুৰাৰ সৰবৰাহ । বিগত কিছুদিনৰ পৰা ডিমাপুৰ পথত আৰক্ষীৰ নিশ্চিদ্ৰ তালাচীৰ মাজতেই খটখটী আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সুৰাখিনি, যদিও চালক তথা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়। আৰক্ষীৰ সুত্ৰে জানিব পৰা মতে সৰ্বমুঠ ৩৯ কাৰ্টুন বিলাতী সুৰা জব্দ কৰিছে খটখটী আৰক্ষীয়ে । প্ৰায় ২ লক্ষাধিক টকাৰ সুৰা থকা বুলি জানিব পৰা গৈছে । যাৰ মূল্য ডিমাপুৰৰ ভিতৰত প্ৰায় দুগুনৰ পৰা তিনি গুণ পৰ্যন্ত হয় বুলি জানিব পৰা গৈছে ।