ষ্টাফ ৰিপ’ৰ্টাৰ:
এটা দল, এখন পতাকা, এটা প্ৰতীকেৰে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰে ৰাজনৈতিক যুঁজ দিয়া কথা চুড়ান্ত কৰা বাবে কৃষক মুক্তি সংগ্রাম সমিতিয়ে ২০ ছেপ্টেম্বৰ সময়সীমা বান্ধি দিছিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত ‘অসম জাতীয় পৰিষদ’ক।
উক্ত সময়ৰ ভিতৰত নৱ গঠিত ৰাজনৈতিক দলটোক কৃষক মুক্তিয়ে নিশ্চিত প্ৰদান কৰিব কৈছিল ৰাজনৈতিক ভাৱে তেওঁলোকে ঐক্যবদ্ধ হৈ যুঁজিব নে নাই।কিন্তু কৃষক মুক্তিয়ে বান্ধি দিয়া সময়সীমা আজি অন্তিম দিন।এজেপিলৈ অপেক্ষা কৰি কৰি কোনো ধৰণৰ সঁহাৰি নাপালে কৃষক মুক্তিয়ে।ফলত নিজাকৈ ৰাজনৈতিক দল খোলা কথা ঘোষণা কৰিলে সংগঠনটো সভাপতি ভাস্ক-ডি শইকীয়াই।
গুৱাহাটী গান্ধীবস্তি মুখ্য কাৰ্যলয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয় -এটা দলে ঐক্যবদ্ধ যুজঁ দিয়াত ইতিবাচক সঁহাৰি আজিলৈ পোৱা নাই।তথাপিও আমি আশাবাদী।এটা দলত ঐক্যবদ্ধ নহলেও সকলো আঞ্চলিক একেখন মঞ্চত ঐক্যবদ্ধ হ’ব।
বান্ধি দিয়া সময়সীমা ভিতৰত কোনো ধৰণ সঁহাৰি নোপোৱাত কৃষক মুক্তিয়ে প্ৰস্তাৱিত ৰাজনৈতিক দল গঠন কৰা দিশত আগবাঢ়িছে।জাতি, জনগোষ্ঠীৰ সকলো দল সংগঠনৰ সৈতে সিদ্ধান্ত মৰ্মে ছেপ্টেম্বৰ মাহৰ ভিতৰত গঠন হ’ব ৰাজনৈতিক দল।অহা এটা সপ্তাহৰ ভিতৰত অসমবাসীয়ে ভাল খবৰ লাভ কৰিব বুলিও তেওঁ লগতে কয়।
আনহাতে অসম আৰক্ষীৰ উপ- পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা বাতিল কৰিব লগা হোৱাটো গৃহ বিভাগৰ ব্যৰ্থতা বুলি উল্লেখ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয়- অসম চৰকাৰৰ গৃহ বিভাগৰ আযোগ্যতা আচল স্বৰূপ উন্মোচিত হৈছে।সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰি মুখ্যমন্ত্ৰী পদত্যাগৰো দাবী জনায় সংগঠন টোৱে।