
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
চৰকাৰী নীতি-নিৰ্দেশনাক অমান্য কৰি, ক’ৰণাৰ ভয়াৱহতাৰ সময়ত অধিক যাত্ৰী কঢ়িওৱা বাহন আৰু অতিৰিক্ত হাৰত যাত্ৰীৰ পৰা গাড়ীৰ ভাড়া লোৱা বাহনৰ ওপৰত এই অভিযান । অভিযানত লংকাৰ পৰা নগাঁও অভিমূখে গৈ থকা অৱস্থাত তিনিখন যাত্ৰীবাহী বাছৰ ওপৰত জৰিমণা বিহাৰ লগতে বাছৰ নথি-পত্ৰও কৰে জব্দ । লগতে লংকাৰ কাষৰীয়া বিভিন্ন অঞ্চলত অভিযান চলাই বিভিন্ন সৰু বৰ যাত্ৰীবাহী বাহন জব্দ কৰে এনৰ্ফচমেণ্ট কৰ্তৃপক্ষই ।











